ৰাষ্ট্ৰীয়

উৰিষ্যাৰ বিজেপি সাংসদ ভৰ্তৃহৰি মাহতাবক লোকসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে নিযুক্তি

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ১৮ সংখ্যক লোকসভাত অস্থায়ী অধ্যক্ষ হ’ব বিজেপিৰ সাংসদ ভৰ্তৃহৰি মাহতাব। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে লোকসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে মহতাবক নিযুক্তি দিয়ে। সংসদৰ স্থায়ী অধ্যক্ষ নিৰ্বাচিত নোহোৱালৈকে এই পদত অধিষ্ঠিত থাকিব মহতাব। উল্লেখ কৰাটো প্ৰয়োজনীয় যে, অধ্যক্ষৰ পদ খালী হৈ থকা সময়ছোৱাত প্ৰ’-টেম স্পীকাৰ নিযুক্তি দিয়া হয়।

পৰৱৰ্তী লোকসভাৰ স্থায়ী অধ্যক্ষ নিযুক্তি পৰ্যন্ত উৰিষ্যাৰ পৰা ৭ বাৰকৈ সাংসদ হোৱা ভৰ্তৃহৰি মাহতাবে অধ্যক্ষৰ সকলো দায়িত্ব পালন কৰিব। সংবিধানৰ ৯৫(১) অনুচ্ছেদৰ অধীনত বিজেপি সাংসদগৰাকীক অস্থায়ী অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে ৰাষ্ট্ৰপতি মুৰ্মুৱে।

এই সন্দৰ্ভত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে, লোকসভাৰ সদস্য কে. সুৰেশ, টি আৰ বালু, ৰাধা মোহন সিং, ফাগন সিং কুলাষ্টে আৰু সুদীপ বন্দ্যোপাধ্যায়ে অস্থায়ী অধ্যক্ষ মাহতাবক সহায়-সহযোগ আগবঢ়াব। উল্লেখ্য যে, ২৪ জুনৰ পৰা ১৮ সংখ্যক লোকসভাৰ প্ৰথম অধিৱেশন আৰম্ভ হ’ব। ২৪-২৫ জুনত নৱনিৰ্বাচিত সদস্যসকলক শপত গ্ৰহণ কৰাব অস্থায়ী অধ্যক্ষ ভৰ্তৃহৰি মাহতাবে।