বিৰল ঘটনাঃ লোকসভাৰ অধিৱেশন বয়কট কৰিলে অধ্যক্ষ ওম বিৰলাই ! 
ৰাষ্ট্ৰীয়

বিৰল ঘটনাঃ লোকসভাৰ অধিৱেশন বয়কট কৰিলে অধ্যক্ষ ওম বিৰলাই !

Asomiya Pratidin

ডিজিটেল ডেস্কঃ সংসদত সাংসদৰ ধাৰাবাহিক বিক্ষোভ। কি চৰকাৰী পক্ষ অথবা কি বিৰোধী। সকলো কেৱল বিক্ষোভ প্ৰদৰ্শনতে ব্যস্ত। দুয়ো পক্ষৰ এনে স্থিতিত আজিও অচল হৈ আছে সংসদৰ এইবাৰৰ বৰ্ষাকালীন অধিৱেশন।

এনে পৰিস্থিতিত তীব্ৰ অসন্তুষ্ট হৈ পৰিছে লোকসভাৰ অধ্যক্ষ ওম বিৰলা। সেয়ে তেওঁ নজিৰবিহীন এক স্থিতি গ্ৰহণ কৰিছে।সংসদলৈ আৰু নাহে ওম বিৰলা ! তেওঁ সিদ্ধান্ত লৈছে লোকসভাৰ এইবাৰৰ বৰ্ষাকালীন অধিৱেশনত আৰু উপস্থিত নাথাকে।

উল্লেখ্য যে, চলিত বৰ্ষাকালীন অধিৱেশনত এই পৰ্যন্ত অচল হৈ আছে সংসদ। অধিৱেশনৰ প্ৰথমটো দিনৰ পৰা মণিপুৰক কেন্দ্ৰ কৰি বিক্ষোভ প্ৰদৰ্শন কৰি আহিছে বিৰোধীয়ে।

একেদৰে বিৰোধীক প্ৰত্যাহ্বান জনাই শাসকীয় পক্ষৰ সাংসদসকলেও কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ শাসিত ৰাজ্যত মহিলাৰ ওপৰত হোৱা অত্যাচাৰৰ বাবে বিক্ষোভ প্ৰদৰ্শনৰ প্ৰতিযোগিতাত নামি পৰিছে। যাৰ বাবে এই পৰ্যন্ত কোনো বিলক লৈ আলোচনা হোৱা নাই।

চৰকাৰী পক্ষই কাৰ্যতঃ একপক্ষীয় ভাৱে নিজৰ ইচ্ছানুসৰি বিল পাছ কৰিছে। এই অচলাবস্থাৰ অন্ত পেলাবলৈ ওম বিৰলাই নিজাববীয়াকৈ প্ৰচেষ্টা চলাইছিল যদিও সেয়াও বিফল হ'ল।

সূত্ৰত প্ৰকাশ পোৱা অনুসৰি চৰকাৰী পক্ষৰ সাংসদ আৰু বিৰোধী পক্ষৰ সাংসদৰ এনে আচৰণত ক্ষোভিত হৈ পৰিছে লোক সভাৰ অধ্যক্ষগৰাকী। ক্ষোভ আৰু অসন্তুষ্টিত তেওঁ সংসদৰ কাম-কাজৰ পৰা নিজকে আঁতৰাই ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

তেওঁৰ পৰিৱৰ্তে ডেপুটি স্পীকাৰে এতিয়াৰে পৰা অধিৱেশনৰ বাকী দিনকেইটাত সংসদ পৰিচালনা কৰিব। তাৎপর্যপূর্ণভাবে বুধবাৰৰ দিনটোত ওম বিৰলাক লোকসভাৰ মজিয়াত দেখা পোৱা নাছিল কোনেও।

এইদৰে সাংসদৰ আচৰণত ক্ষোভিত হৈ লোকসভাৰ অধ্যক্ষগৰাকীয়ে সংসদৰ অধিৱেশন বয়কট কৰিছে। ভাৰতীয় গণতন্ত্ৰত এয়া প্ৰায় বিৰল ঘটনা। এ এন আইত প্ৰকাশিত এক খবৰ অনুসৰি মঙ্গলবাৰে এখন বিল পাছ হোৱাৰ সময়ত বিৰোধী শিবিৰ আৰু ট্ৰেজাৰী বেঞ্চত দুই শিবিৰৰ আচৰণত মানসিক ভাৱে যথেষ্ট আঘাত পাইছে ওম বিৰলাই।

তেওঁ অনুভৱ কৰিছে চৰকাৰ আৰু বিৰোধী দুয়ো পক্ষই অধ্যক্ষ পদৰ প্ৰতি চৰম অসন্মান প্ৰদৰ্শন কৰিছে। তেওঁ ইতিমধ্যে দুয়ো পক্ষক তেওঁৰ অসন্তুষ্টিৰ বিষয়ে অৱগত কৰি তেওঁৰ সিদ্ধান্তৰ বিষয়েও উল্লেখ কৰিছো বুলি জানিব পৰা গৈছে।