ৰাষ্ট্ৰীয়

জম্মু-কাশ্মীৰত বায়ুসেনাৰ বাহনত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত ১জন

Asomiya Pratidin

ডিজিটেল ডেস্ক : জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত বায়ুসেনাৰ বাহনত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। সন্ত্ৰাসবাদীৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ৫গৰাকী জোৱান।

জানিব পৰামতে ভাৰতীয় সেনা বাহিনীৰ এক কনভয়ত সন্ত্ৰাসবাদীয়ে অতৰ্কিতে আক্ৰমণ চলোৱাৰ ফলত এজন সেনা জোৱান নিহত হোৱাৰ লগতে ৫গৰাকী আহত হয়। ইতিমধ্যে আহতসকলক উধমপুৰৰ কমাণ্ড হাস্পতাললৈ হেলিকপ্টাৰযোগে প্ৰেৰণ কৰা হৈছে।

আনহাতে উক্ত ঘটনা সংঘটিত হোৱাৰ পাছতে সেনা জোৱানে আক্ৰমকাৰীৰ সন্ধান অভিযান চলায়। ইয়াৰোপৰি সেনাৰ বিশেষ বাহিনীসহ জম্মু-কাশ্মীৰ আৰক্ষীৰ এটা দল উক্ত এলেকাত মোতায়ন কৰা হৈছে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ২০২৩ বৰ্ষৰ ২১ ডিচেম্বৰত জম্মু-কাশমীৰত অনুৰূপ ঘটনা সংঘটিত হৈছিল। উক্ত ঘটনাত ৫জন সেৱা জোৱান ছহিদ হৈছিল।