ৰাষ্ট্ৰীয়

ৰাষ্ট্ৰপতিয়ে প্রদান কৰিলে ২০২৪বৰ্ষৰ পদ্ম বঁটাঃ অসমৰ ৩গৰাকীলৈ পদ্মশ্রী সন্মান

Asomiya Pratidin

ডিজিটেল ডেস্কঃ সোমবাৰে ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৱে দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত পদ্ম বঁটাসমূহ প্রদান কৰে। ২০২৪ বৰ্ষৰ বাবে ৩ গৰাকী ব্যক্তিক পদ্ম বিভূষণ, ৮ গৰাকী ব্যক্তিক পদ্ম ভূষণ আৰু ৫৫ গৰাকী ব্যক্তিক পদ্মশ্রী সন্মান প্রদান কৰা হয়।

এই অনুষ্ঠানত ৰাষ্ট্রপতি মুর্মুৱে প্রাক্তন উপ- ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু আৰু কতসসসভাৰত নাট্যমৰ বিশিষ্ট শিল্পী ড০ পদ্মা সুব্রমণ্যমক পদ্ম বিভূষণ সম্মান প্রদান কৰে। আনহাতে বিন্দেশ্বৰ পাঠকক মৰণোত্তৰভাৱে পদ্ম বিভূষণ বঁটা প্ৰদান কৰা হয়।

অসমৰ পৰা হস্তী বিশেষজ্ঞ পার্বতী বৰুৱা, চিৰাঙৰ প্ৰগতিশীল কৃষক সৰ্বেশ্বৰ বসুমতাৰী আৰু দৰঙৰ সুকন্নানী শিল্পী দ্রোন ভূঞাক পদ্মশ্রী সন্মানেৰে সন্মানিত কৰে। এই অনুষ্ঠানতে অভিনেতা মিথুন চক্রবর্তী আৰু সংগীত শিল্পী ঊষা উথুপে সন্মানীয় পদ্ম ভূষণ বঁটা গ্রহণ কৰে।

প্রবীন টেনিছ খেলুৱে ৰোহন বোপান্নাক ক্রীড়া ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে পদ্মশ্রী সন্মান প্রদান কৰা হয়। এই অনুষ্ঠানত উপ-ৰাষ্ট্রপতি জগদীপ ধনখড়, প্রধানমন্ত্রী নৰেন্দ্ৰ মোডী, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

উল্লেখযোগ্য যে দেশৰ সর্বোচ্চ সন্মান পদ্ম বঁটাসমূহ কলা, সমাজসেৱা, বিজ্ঞান আৰু অভিযান্ত্রিক, বাণিজ্য আৰু উদ্যোগ, ঔষধ, সাহিত্য আৰু শিক্ষা, ক্রীড়া আৰু অসামৰিক সেৱা আদি বিভিন্ন শিতানত প্রদান কৰা হয়। পদ্ম বঁটাসমূহ পদ্ম বিভূষণ, পদ্ম ভূষণ আৰু পদ্মশ্রী এই তিনিটা শিতানত প্রদান কৰা হয়। প্রতি বছৰে গণতন্ত্ৰ দিৱসৰ দিনা এই বঁটাসমূহ ঘোষণা কৰা হয়।