আৰম্ভ সংসদৰ বাজেট অধিবেশন, কাইলৈ বিত্তমন্ত্ৰীয়ে দাখিল কৰিব অন্তৱৰ্তীকালীন বাজেট 
ৰাষ্ট্ৰীয়

আৰম্ভ সংসদৰ বাজেট অধিবেশন, কাইলৈ বিত্তমন্ত্ৰীয়ে দাখিল কৰিব অন্তৱৰ্তীকালীন বাজেট

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আজিৰে পৰা আৰম্ভ সংসদৰ বাজেট অধিবেশন। কেন্দ্ৰীয় বাজেট ১ ফেব্ৰুৱাৰীত উপস্থাপন কৰা হ'ব। মোডী চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ এয়া অন্তিম বাজেট। এপ্ৰিল-মে'ত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ পূৰ্বে ১ ফেব্ৰুৱাৰীত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে অন্তৱৰ্তীকালীন বাজেট দাখিলকৰিব। লগতে নতুন চৰকাৰে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত এখন সম্পূৰ্ণ বাজেট উপস্থাপন কৰিব।

এই অন্তৱৰ্তীকালীন বাজেট কেৱল নতুন চৰকাৰ গঠন হোৱাৰ সময়লৈকে হোৱা চৰকাৰী খৰচৰ ওপৰত। লোকসভা নিৰ্বাচনৰ পাছত নতুন চৰকাৰৰ তৰফৰ পৰা জুলাইত বিত্তীয় বৰ্ষ ২০২৪-২৫ ত পূৰ্ণাংগ বাজেট উপস্থাপন কৰা হ'ব। লোকসভা নিৰ্বাচন পূৰ্বে এই বাজেটৰ পৰা মানুহৰ যথেষ্ট আশা আছে কিয়নো নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বাজেটত সাধাৰণ ৰাইজৰ বাবে সকাহ পোৱাৰ সম্ভাৱনা আছে।

এই বাজেট অধিবেশনৰ আৰম্ভণিতে ৰাষ্ট্ৰপতি দ্ৰোপদী মূৰ্মুেৱ দুয়োখন সদনত সম্বোধন কৰে। তেওঁ কয় যে, নতুন বছৰত এইখন প্ৰথমখন বাজেট। যোৱা বছৰটো ভাৰতৰ বাবে ঐতিহাসিক সাফল্যৰে ভৰি আছে। চন্দ্ৰৰ দক্ষিণ মেৰুত পতাকা উত্তোলন কৰা ভাৰত প্ৰথম খন দেশ হৈ পৰিছিল। জি-২০ৰ সফলতাই সমগ্ৰ বিশ্বতে ভাৰতৰ ভূমিকা শক্তিশালী কৰিছিল। চৰকাৰে লাখ লাখ যুৱক-যুৱতীক চৰকাৰী চাকৰি দিছে। নাৰী শক্তি আইনে লোকসভা আৰু ৰাজ্যসভাত মহিলাসকলৰ অংশগ্ৰহণ বৃদ্ধি কৰিব। ৰাম মন্দিৰ নিৰ্মাণৰ বাবে বহু বছৰ ধৰি অপেক্ষা কৰা হৈছিল। কিন্তু এতিয়া এইটো সম্পূৰ্ণ হৈছে। ইয়াৰোপৰি আৰু বিভিন্ন বিষয়ৰ ওপৰত মন্তব্য প্ৰদান কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে।