বিদেশলৈ যোৱা নহ'ল: এটা ভুলৰ বাবেই মুম্বাইত হ'ল কাৰাগাৰৰ আলহী... 
ৰাষ্ট্ৰীয়

বিদেশলৈ যোৱা নহ'ল: এটা ভুলৰ বাবেই মুম্বাইত হ'ল কাৰাগাৰৰ আলহী...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ সপোন আছিল বিদেশলৈ যাব। বিদেশত কাম কৰি উপাৰ্জন কৰিব ধন। সেই সপোনৰ পম খেদিয়েই সুযোগ, সুবিধা মিলাই আম্মুৰুদ্দিন ইণ্ডিগ'ৰ বিমানেৰে উৰা মাৰিছিল ছৌদি আৰবলৈ। কিন্তু নিজৰ এটা সৰু ভুলৰ বাবেই বিদেশলৈ যোৱাৰ স্বপ্ন ভংগ হ'ল আম্মৰুদ্দিনৰ। বিদেশৰ পৰিৱৰ্তে তেওঁক প্ৰেৰণ কৰা হ'ল জে'ললৈ।

ঘটনা এইখন ভাৰতৰে। ভাৰতৰ একাংশ লোকে প্ৰথমবাৰৰ বাবে বিমানত যাত্ৰা কৰাৰ সময়ত নকৰিবলগীয়া কাম কৰাৰ উদাহৰণ বহু আছে। এনে যাত্ৰীৰ বাবেই বহু সময়ত বিপদত পৰিছে বিমান পৰিচালনাৰ দায়িত্বত থকা লোকসকল।

বাছ, ৰে'ল আদিত যাত্ৰা কৰোঁতে দেশৰ একাংশ লোকে নিচাঁ জাতীয় সামগ্ৰী সেৱন কৰিবলৈ নাপাহৰে। বিড়ি, ছাদা, গুটখা আদিৰ অবাধ প্ৰচলন ভাৰতৰ বাছ, ৰে'ল আদি পৰিবহণ সেৱাসমূহত। কিন্তু এইবোৰৰ ব্যৱহাৰ সম্পূৰ্ণ ৰূপে নিষিদ্ধ বিমানত।

বিমান বন্দৰত প্ৰৱেশ কৰাৰ সময়তে সুৰক্ষা কৰ্মীয়ে তন্ন তন্নকৈ পৰীক্ষা কৰি এনে সামগ্ৰী ভিতৰত প্ৰৱেশত বাধা প্ৰদান কৰি আহিছে। কিন্তু তাৰ মাজতো মহম্মদ আম্মৰুদ্দিন নামৰ লোকজনে সুৰক্ষা কৰ্মীৰ চকুত ধুলি দি বিমান যাত্ৰাৰ সময়ত লগত লৈ গ'ল বিড়ি আৰু লাইটাৰ।

দিল্লীৰ পৰা ছৌদি আৰৱলৈ যাত্ৰা কৰাৰ সময়ত বিমানতে জ্বলাই দিলে সেই বিড়ি। লগে লগে সৃষ্টি হ'ল হুলস্থুল। তাৰ পাছত কাৰাগাৰৰ আলহী হ'ল আম্মৰুদ্দিন। উল্লেখ্য যে, দিল্লীৰ এইগৰাকী লোকে ছৌদি আৰৱত শ্ৰমিক হিচাপে কাম কৰিবলৈ যাত্ৰা কৰিছিল।

কিন্তু মাজ আকাশত ইণ্ডিগ'ৰ বিমানৰ টয়েলটত বহি বিড়ি জ্বলোৱাৰ সময়তে এজন কৰ্মচাৰীয়ে দেখে ধোঁৱাৰ কুণ্ডলী। ইয়াৰ পিছতে টয়লেটত এই কাম কৰা আম্মৰুদ্দিনক আটক কৰে। মুম্বাইত বিমানৰ পৰা নমাই কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়। কিন্তু তেওঁ কেনেকৈ লগত বিড়ি আৰু লাইটাৰ লৈ গ'ল তাক লৈ সৃষ্টি হৈছে প্ৰশ্ন।

ইণ্ডিগ' বিমানখনৰ এজন পৰিচালকে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা অনুসৰি বিমানখনে দিল্লীৰ পৰা মুম্বাই হৈ ছৌদি আৰৱৰ দিশে যাত্ৰা কৰাৰ কথা আছিল। দিল্লীৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ পাছতে আম্মৰুদ্দিন টয়লটেলৈ যায়। তেওঁ টয়লেটলৈ যোৱাৰ পিছতে এজন বিমান কৰ্মীয়ে দেখে টয়লেটৰ ভিতৰত ধোঁৱাৰ কুণ্ডলী। তাৰ পাছতেই তেওঁ উৰ্ধতম কৰ্তৃপক্ষক বিষয়টো অৱগত কৰে। ইয়াৰ পিছতেই তেওঁলোকে আম্মৰুদ্দিনক আটক কৰে আৰু মুম্বাই বিমান বন্দৰত আৰক্ষীৰ হাতত গতাই দিয়ে।

ইতিমধ্যে আৰক্ষীৰ জেৰাত আম্মৰুদ্দিনে ধুমপান কৰাৰ কথা স্বীকাৰ কৰিছে। ইয়াৰ পিছতে ভাৰতীয় দণ্ডবিধিৰ একাধিক ধাৰাত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। স্মৰ্তব্য, যোৱা বছৰৰ মে' মাহত প্ৰবীণ কুমাৰ নাম এজন ব্যক্তিয়ে একেই কাণ্ড সংঘটিত কৰিছিল। ইয়াৰ পূৰ্বেও সংঘটিত হৈছে এনে ঘটনা।

দৰাচলতে ৰে'লত যাত্ৰা কৰাৰ সময়ত এইসকল লোকৰ অবাধে ধুমপাণ কৰাৰ অভ্যাস। বিমানত তেনে সুবিধা নাই। কিন্তু তেওঁলোকৰ এই বদঅভ্যাসে তেওঁলোকক আইন ভংগ কৰি হ'লেও এনা কাৰ্য কৰিবলৈ বাধ্য কৰে। বহুতেই আকৌ এনে নীতি, নিয়মৰ বিষয়ে গমেই নাপায়।

ধুমপাণ, গুটখা আদি স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক বুলি বিজ্ঞাপন প্ৰচাৰ কৰিয়েই দায়িত্ব সামৰি চৰকাৰে অৱশ্যে এনে সামগ্ৰী প্ৰস্তুত আৰু বিক্ৰীত নিষেধাজ্ঞা জাৰি নকৰে। তাৰ পৰিণতিত মাজে মাজে পোহৰলৈ আহি থাকে এনে কিছু ৰসাল অথচ চিন্তনীয় কাহিনী।