ৰাষ্ট্ৰীয়

টিকট নিদিলে NDA: কেন্দ্ৰীয় মন্ত্ৰী পশুপতি পৰাছৰ পদত্যাগ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় মন্ত্ৰী পশুপতি পৰাছে মঙলবাৰে মন্ত্ৰী পদ ত্যাগ কৰে। টিকট নোপোৱাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰে পৰাছে। তেওঁ কয় যে তেওঁৰ লগত অন্যায় হৈছে। পশুপতি পৰাছ মোডী মন্ত্ৰীসভাৰ খাদ্য প্ৰক্ৰিয়াকৰণ মন্ত্ৰী আছিল।

তেওঁৰ ভতিজাক চিৰাগ পাছৱানৰ লোক জনশক্তি পাৰ্টিক এনডিএয়ে দিয়া আসনৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰে। তেওঁ কয়, এনডিএ মিত্ৰতা ঘোষণা কৰিছে আৰু মই প্ৰধানমন্ত্ৰী মোডীৰ প্ৰতি কৃতজ্ঞ। কিন্তু মোৰ আৰু মোৰ দলৰ সৈতে অন্যায় হৈছে। সেইবাবে মই পদত্যাগ কৰিছো।

উল্লেখ্য যে, বিহাৰত বিজেপিয়ে ১৭, জেডিইউয়ে ১৬ আৰু চিৰাগ পাছৱানৰ দলে ৫ খন আসনত লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। আনহাতে জীতনৰাম মাঝী আৰু উপেন্দ্ৰ কুশৱাহাক এখনকৈ আসন দিয়া হৈছে। কিন্তু এনডিএত অন্তৰ্ভুক্ত থকা পশুপতি পাৰশৰ গোটতোক এখনো আসন নিদিলে।

পদত্যাগৰ পাছত ৰাষ্ট্ৰীয় লোক জনশক্তি পাৰ্টিৰ (আৰএলজেপি) মুৰব্বী পশুপতি পাৰছে কয় যে, তেওঁ হাজিপুৰ আসনৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব। লগতে তেওঁৰ দলৰ আন সাংসদসকলে ২০১৯ ৰ লোকসভা নিৰ্বাচনত জয়ী হোৱা আসনসমূহৰ পৰা প্ৰতিদ্বন্দিতা কৰিব।