'অমৰনাথ যাত্ৰা'ৰ তীৰ্থযাত্ৰী কঢ়িওৱা বাছৰ ব্ৰেইক ফেইলঃ কেইবাজনো আহত... 
ৰাষ্ট্ৰীয়

'অমৰনাথ যাত্ৰা'ৰ তীৰ্থযাত্ৰী কঢ়িওৱা বাছৰ ব্ৰেইক ফেইলঃ কেইবাজনো আহত...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ এইবাৰ অমৰনাথ যাত্ৰাৰ আৰম্ভণিতেই সংঘটিত হ'ল এক ভয়ংকৰ দুৰ্ঘটনা। তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া এখন বাছৰ ব্ৰেক ফেইল হোৱাত জীৱন ৰক্ষা কৰিবলৈ চলন্ত বাছৰ পৰা জাপ দিলে তীৰ্থ যাত্ৰীয়ে। এই ঘটনাত ১০ জনকৈ লোক আহত হৈছে।

মঙ্গলবাৰে অমৰনাথৰ পৰা পঞ্জাৱৰ হোছিপুৰলৈ তীৰ্থযাত্ৰী কঢ়িয়াই নিছিল এখন বাছে। বাছখনত আছিল ৪০ জনকৈ যাত্ৰী। বাছখনৰ সকলো যাত্ৰী আছিল পঞ্জাৱৰ বাসিন্দা। তীৰ্য যাত্ৰী কঢ়িয়াই নিয়া এই বাছখনৰ পৰা প্ৰাণ ৰক্ষাৰ বাবে তীৰ্থ যাত্ৰীসকলে জপিওৱা দৃশ্য ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

জানিব পৰা মতে এই ঘটনা ৰণবান জিলাৰ ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে।চলন্ত অৱস্থাতে বাছখনৰ হঠাৎ ব্ৰেক ফেইল হয়। ইয়াৰ পিছতে বাছখনৰ পৰা এজন এজনকৈ বহু কেইজন যাত্ৰীয়ে জাপ মাৰে। ইয়াৰে একাংশই বাছখনৰ দুৱাৰেদি আৰু আন একাংশই খিৰিকীৰে জপিয়াই প্ৰাণ ৰক্ষাৰ চেষ্টা কৰে। 

আৰক্ষীয়ে জনোৱা মতে চলন্ত বাছৰ পৰা জাপ মৰাৰ ফলত ১০ জন যাত্ৰী আহত হৈছে। আহতসকলৰ মাজত আছে এটি শিশুও। এই ঘটনাৰ খবৰ পোৱাৰ পাছতে ভাৰতীয় সেনা আৰু আৰক্ষীৰ দল তাৎক্ষণিকভাৱে সেই স্থানত উপস্থিত হয়।

নিয়ন্ত্ৰণহীন বাছখন অৱশ্য কোনো মতে পাহাৰীয়া পথৰ পৰা তলত পৰাৰ পৰা ৰক্ষা কৰে তেওঁলোকে। এজন আৰক্ষী বিষয়াই সংবাদ মাধ্যমৰ আগত কয়, যদিহে বাছখন খাৱৈত পৰিল হেতেন তেন্তে ডাঙৰ বিপদ হ’ল হয়। সেই দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল।

সেনা বাহিনীৰ কুইক ৰিয়েকচন টীমে এই বাছখনক উদ্ধাৰ কৰিছে। বাছখন উদ্ধাৰ কৰাৰ পাছতে এম্বুলেঞ্চক খবৰ দিয়া হয় আৰু আহতসকলক স্থানীয় মেডিকেল কেম্পত ভৰ্তি কৰোৱা হয় আৰু তাতেই প্ৰাথমিক চিকিৎসা প্ৰদান কৰে। অৱশ্যে আহতসকলৰ অৱস্থা বৰ্তমান স্বাভাৱিক।

উল্লেখ্য যে, প্ৰতিকূল বতৰৰ লগতে সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ভাবুকিৰ মাজতে ২৯ জুনৰ পৰা আৰম্ভ হৈছে অমৰনাথ যাত্ৰা। এইবাৰ ৫২ দিনৰ অমৰনাথ যাত্ৰা হ’ব দুটা পথেৰে। অনন্ত নাগৰ পৰা নুনৱান-পহেলগামৰ ৪৮ কিলোমিটাৰ পথ আৰু গান্দেৰৱালৰ পৰা পুৰণি বালাতাললৈ ১৪ কিলোমিটাৰ পথেৰে চলিব এই যাত্ৰা। অহা ১৯ আগষ্টত অন্ত পৰিব এইবাৰৰ অমৰনাথ যাত্ৰা।