ৰোজগাৰ মেলা'ত মোডীৰ ৫১,০০০ তকৈ অধিক প্রার্থীক নিযুক্তি পত্ৰ বিতৰণ... 
ৰাষ্ট্ৰীয়

ৰোজগাৰ মেলা'ত মোডীৰ ৫১,০০০ তকৈ অধিক প্রার্থীক নিযুক্তি পত্ৰ বিতৰণ...

কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগ তথা সংস্থাত নৱনিযুক্ত ১৪৪ গৰাকী প্ৰাৰ্থীক গুৱাহাটীত নিযুক্তি পত্র বিতৰণ সোণোৱালৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ যুৱ সবলীকৰণক এক নতুন গতি প্রদানেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি 'ৰোজগাৰ মেলা'ৰ ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে বিভিন্ন চৰকাৰী বিভাগ তথা সংস্থাত নৱনিযুক্ত দেশৰ ৫১,০০০তকৈও অধিক প্রার্থীক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ বিতৰণ কৰে। এই অনুষ্ঠানৰ অংশ হিচাপে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল প্রেক্ষাগৃহত আয়োজিত 'ৰোজগাৰ মেলা'ৰ কাৰ্যসূচীত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল উপস্থিত থাকে আৰু প্রার্থীসকলক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ বিতৰণ কৰে।

কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগ তথা সংস্থাত নৱনিযুক্ত ১৪৪ গৰাকী প্ৰাৰ্থীক গুৱাহাটীত নিযুক্তি পত্ৰ বিতৰণ কৰা হয়। অনুষ্ঠানত সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে দেশবাসীক ধনতেৰাছৰ শুভেচ্ছা প্ৰদান কৰে।

এই বছৰৰ দীপাৱলী বিশেষ হ'ব বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, প্রভু শ্রী ৰামচন্দ্ৰৰ বিগ্ৰহ ৫০০ বছৰৰ মূৰত অযোধ্যাৰ আটকধুনীয়া মন্দিৰটিত প্ৰাণ প্রতিষ্ঠা হোৱাৰ পাছত এইবাৰ হ'ব প্রথম দীপাৱলী। তেখেতে কয় যে, কেইবাটাও প্রজন্মই এই দীপাৱলীৰ বাবে অপেক্ষা কৰিছে, আনহাতে বহুতে এই ঐতিহাসিক ক্ষণৰ বাবে প্ৰাণত্যাগ কৰিছিল, প্রতিকূলতাৰ সম্মুখীন হৈছিল।

প্ৰধানমন্ত্ৰীয়ে কয় যে বৰ্তমানৰ প্ৰজন্ম এনে অভূতপূর্ব উদযাপনৰ সাক্ষী হ'ব পৰাটো অত্যন্ত সৌভাগ্যৰ বতৰা। এই উৎসৱমুখৰ পৰিৱেশত প্রধানমন্ত্রীয়ে কয় যে আজি দেশৰ ৫১,০০০ যুৱক-যুৱতীক চৰকাৰী চাকৰিৰ বাবে নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে, যিয়ে দেশৰ যুৱশক্তিক ন উদ্যমেৰে আগুৱাই যাবলৈ উৎসাহিত কৰিব।

প্ৰধানমন্ত্ৰীয়ে দেশৰ যুৱপ্ৰজন্মই সর্বাধিক নিযুক্তি লাভ কৰাৰ দিশত চৰকাৰৰ দৃঢ় প্ৰতিশ্ৰুতিৰ কথা দোহাৰে। চৰকাৰৰ নীতি আৰু সিদ্ধান্তই চাকৰি সৃষ্টিৰ ক্ষেত্ৰত পোনপটীয়া প্রভাৱ পেলাইছে বুলি উল্লেখ কৰি প্রধানমন্ত্রীয়ে এক্সপ্ৰেছৱে, ঘাইপথ, পথ, ৰে'ল, বন্দৰ, বিমানবন্দৰ, ফাইবাৰ কেবল স্থাপন, মোবাইল টাৱাৰ স্থাপন আৰু দেশৰ সকলো প্রান্ততে নতুন উদ্যোগৰ সম্প্ৰসাৰণৰ সন্দর্ভত আলোকপাত কৰে।

প্রধানমন্ত্রীয়ে কয় যে, ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অর্থনীতি হোৱাৰ দিশত আগবাঢ়িছে। দেশৰ অগ্ৰগতিৰ কথা উল্লেখ কৰি তেওঁ ভাৰতৰ যুৱপ্ৰজন্মৰ অনুসন্ধানৰ কথাও উল্লেখ কৰে।

"ইউপিএ চৰকাৰৰ দিনত স্পষ্ট নীতি আৰু সুঅভিপ্ৰায়ৰ অভাৱ আছিল, ভাৰতে আগতে কেইবাটাও ক্ষেত্রত বিশেষকৈ প্রযুক্তিবিদ্যাত যথেষ্ট পিছপৰি আছিল। ভাৰতে সমগ্ৰ বিশ্বৰ পৰা নতুন প্ৰযুক্তিৰ বাবে অপেক্ষা কৰিবলগীয়া হৈছিল আৰু পশ্চিমত যিটো প্রযুক্তি ইতিমধ্যে পুৰণি বুলি গণ্য কৰা হৈছিল, সেয়া অৱশেষত আমাৰ দেশত উপনীত হৈছিল। পিছে আমাৰ চৰকাৰৰ দিনত এতিয়া সময় সলনি হৈছে, এতিয়া মেক ইন ইণ্ডিয়াৰ জৰিয়তে ভাৰতে অত্যাধুনিক নতুন নতুন প্রযুক্তি দেশৰ ভিতৰতে উদ্ভাৱন কৰি আত্মনিৰ্ভৰশীলতাৰ পৰিচয় দাঙি ধৰিছে।"মোদীয়ে উল্লেখ কৰে।

তেওঁ উল্লেখ কৰে যে, দেশৰ প্ৰতিটো খণ্ডই এতিয়া বিভিন্ন ক্ষেত্ৰত যুৱচামৰ বাবে ন ন সুযোগ-সম্ভাৱনা মুকলি কৰিছে। "আজি ভাৰতত বৃহৎ বিনিয়োগ হৈছে আৰু অভিলেখ সংখ্যক সুযোগ সৃষ্টি কৰা হৈছে", তেওঁ কয়।

প্রধানমন্ত্রীয়ে লগতে কয় যে, যোৱা আঠ বছৰত ১.৫ লাখতকৈও অধিক ষ্টার্টআপ আৰম্ভ কৰা হৈছে, যাৰ ফলত ভাৰত বিশ্বৰ তৃতীয় সর্ববৃহৎ ষ্টার্টআপ পৰিস্থিতিতন্ত্ৰ হৈ পৰিছে। তেওঁ লগতে কয় যে, এই খণ্ডসমূহে দেশৰ যুৱক যুৱতীসকলক বিকাশ আৰু নিযুক্তিৰ অফুৰন্ত সুযোগ প্রদান কৰিছে।

প্রধানমন্ত্রী ইন্টার্নশ্বিপ যোজনাৰ উদ্ধৃতি দি নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতৰ শীৰ্ষ ৫০০টা কোম্পানীত পেইড ইণ্টাৰ্নশ্বিপৰ ব্যৱস্থা কৰা হৈছে, য'ত প্রতিজন ইন্টার্নক এবছৰৰ বাবে প্ৰতিমাহে ৫,০০০ টকাকৈ দিয়া হ'ব। তেওঁ লগতে কয় যে চৰকাৰৰ লক্ষ্য- অহা ৫ বছৰত এক কোটি যুৱক-যুৱতীয়ে ইন্টার্নশ্বিপৰ সুযোগ পোৱাটো নিশ্চিত কৰা।

নৰেন্দ্ৰ মোদীয়ে জনায় যে জার্মানীয়ে দক্ষ ভাৰতীয় যুৱক- যুৱতীসকলক দিয়া ভিছাৰ সংখ্যা প্ৰতি বছৰে ২০ হাজাৰৰ পৰা ৯০ হাজাৰলৈ বৃদ্ধি কৰিছে। তেওঁ লগতে কয় যে ইয়াৰ দ্বাৰা ভাৰতৰ যুৱপ্ৰজন্ম যথেষ্ট লাভান্বিত হ'ব।

নৰেন্দ্ৰ মোদীয়ে লগতে উল্লেখ কৰে যে ভাৰতে শেহতীয়া বছৰবোৰত ২১ খন দেশৰ সৈতে নিযুক্তি সম্পর্কীয় চুক্তি স্বাক্ষৰিত কৰিছে। কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আজি ভাষণ প্রসংগত কয়, "যুৱ নেতৃত্বাধীন উন্নয়নত মাননীয় প্রধানমন্ত্রী ডাঙৰীয়াই নিৰন্তৰ গুৰুত্ব দিয়াৰ ফলত এখন বিকশিত ভাৰত গঢ়াৰ লক্ষ্যত যুৱচামে শক্তিশালী ভূমিকা গ্ৰহণ কৰি আহিছে। ভাৰতক বিশ্বৰ শীৰ্ষ তিনি অর্থনীতিৰ ভিতৰত অন্যতম হিচাপে গঢ়ি তোলা আৰু ২০৪৭ চনৰ ভিতৰত এখন আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ দিশত সক্রিয় ভূমিকা পালন কৰি যাবলৈ যুৱবন্ধুসকলক আহ্বান জনালোঁ।"

সর্বানন্দ সোণোৱালে লগতে কয়, "মাননীয় প্রধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গতিশীল নেতৃত্বত আমাৰ চৰকাৰে দেশৰ যুৱপ্ৰজন্মৰ সবলীকৰণ আৰু সংস্থাপনত যথেষ্ট গুৰুত্ব দিছে আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাক শক্তিশালী কৰি তুলিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দৃষ্টিভংগী অনুসৰি ভাৰতক আত্মনিৰ্ভৰ কৰি তুলিবলৈ দেশৰ লাখ লাখ যোগ্য যুৱক-যুৱতীয়ে ৰোজগাৰ মেলাত যোগদান কৰিছে। মই আনন্দিত যে ইয়াৰ জৰিয়তে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লগতে বিভিন্ন ৰাজ্যৰ যুৱপ্ৰজন্মই নিযুক্তি লাভ কৰিছে। এক ভাৰত, শ্ৰেষ্ঠ ভাৰত আৰু আত্মনিৰ্ভৰশীল তথা সমৃদ্ধিশালী ভাৰত গঢ়াৰ দিশত যুৱপ্ৰজন্মই আগভাগ ল'ব লাগিব। ভাৰত এতিয়া এখন দ্রুত উন্নয়নমুখী দেশ, যি বিশ্বৰ পঞ্চম বৃহৎ অর্থনীতিলৈ ৰূপান্তৰিত হৈ পৰিছে। ২০৩০ চনৰ ভিতৰত আমি ভাৰতক বিশ্বৰ শীৰ্ষ তিনি অর্থনীতিৰ ভিতৰত অন্তৰ্ভূক্ত কৰাৰ দিশত অহোপুৰুষাৰ্থ কৰিব লাগিব। মই যুৱশক্তিক ৰাষ্ট্ৰ নিৰ্মাণৰ উদ্দেশ্যৰ প্ৰতি এক সমর্পিত শক্তি হ'বলৈ আহ্বান জনালোঁ।"