ৰাষ্ট্ৰীয়

দুদিনীয়া ভ্ৰমণসূচীৰে ৮মাৰ্চত অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোডী

Asomiya Pratidin

ডিজিটেল ডেস্ক : লোকসভা নিৰ্বাচনৰ তৎপৰতাৰ মাজতে ৮ মাৰ্চত দুদিনীয়া ভ্ৰমণসূচীৰে অসম আৰু অৰুণাচললৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। জানিব পৰামতে নতুন দিল্লীৰ পৰা পোনে পোনে যাত্ৰা কৰি সন্ধিয়া অসমত উপস্থিত হ'ব মোডী।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কাজিৰঙাৰ অতিথিশালাত নিশা কটাব বুলি জানিব পৰা গৈছে। ইয়াৰ পিচদিনা ৯মাৰ্চত তেওঁ যোৰহাটলৈ বুলি যাত্ৰা কৰিব আৰু তাত বীৰ লাচিতৰ প্ৰতিমূৰ্তি উন্মোচনী অনুষ্ঠানত ভাগ ল'ব।

উক্ত দিনাই প্ৰধানমন্ত্ৰী মোডীয়ে যোৰহাটত এখন বিশাল জনসভা সম্বোধন কৰাৰ লগতে 'লাখপতি বাইদেউ'ৰ সৈতে বাৰ্তালাপত মিলিত হ'ব। এই ভ্ৰমণকালতে তেওঁ শিৱসাগৰ চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব।