ৰাষ্ট্ৰীয়

বাৰনাসীৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব প্ৰধানমন্ত্ৰী মোডীয়ে...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচন সমাগত। প্ৰতিটো দলেই চলাই গৈছে প্ৰস্তুতি। এইবাৰ লোকসভা নিৰ্বাচনত ৪০০ পাৰ কৰিবৰ বাবে বিজেপিয়ে সকলোধৰণৰ চেষ্টায়েই কৰি গৈছে। সম্ভৱত কেইটামান দিনৰ ভিতৰত ঘোষণা হ'ব নিৰ্বাচনৰ দিন। ইয়াৰ পূৰ্বে বিজেপিয়ে প্ৰাৰ্থীৰ তালিকা প্ৰস্তুত কৰাত গুৰুত্ব দিছে।

প্ৰাৰ্থীত্ব সন্দৰ্ভত বিজেপিৰ কাৰ্যালয়ত কেন্দ্ৰীয় নিৰ্বাচন সমিতিপ এক বৈঠক অনুষ্ঠিত হয়। য'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আদিকে ধৰি শীৰ্ষ নেতাসকল উপস্থিত থাকে।

সূত্ৰ অনুসৰি জানিব পৰা মতে এই বৈঠকত সিদ্ধান্ত লোৱা হয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বাৰনাসীৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। উত্তৰ প্ৰদেশত ৭৪ খন আসনত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু বাকী ৬ খনত সহযোগী দলে প্ৰতিদ্বন্দ্বিতা কৰিব। ইয়াৰ ভিতৰত আৰএলজিৰ বাবে ২ খন, অপনা দলৰ বাবে ২খন, সুভাসপা আৰু নিষাদ দলৰ বাবে ১খনকৈ আসন এৰিছে বিজেপিয়ে। বৃহস্পতিবাৰে নিশা অনুষ্ঠিত হোৱা বৈঠকত বিজেপিয়ে উত্তৰ প্ৰদেশৰ ৫০ লোকসভা আসনৰ বাবে প্ৰাৰ্থী নিশ্চিত কৰে।

সূত্ৰ অনুসৰি বিজেপিয়ে ১০ মাৰ্চৰ আগতে ৩০০ খন আসনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিব পাৰে। বিজেপিয়ে ১ বা ২ মাৰ্চত ইয়াৰ প্ৰথম খন প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰাৰ সম্ভাৱনা আছে।