ধ্যান ভংগ কৰি গেৰুৱা বসন এৰি প্ৰায় ৪৫ ঘণ্টাৰ মূৰত ওলাই আহিল মোডী... 
ৰাষ্ট্ৰীয়

ধ্যান ভংগ কৰি গেৰুৱা বসন এৰি প্ৰায় ৪৫ ঘণ্টাৰ মূৰত ওলাই আহিল মোডী...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অৱশেষত ধ্যান ভংগ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। দুদিনত প্ৰায় ৪৫ ঘণ্টা ধ্যান কৰি মোডী শনিবাৰে দুপৰীয়া ওলাই আহিল বাহিৰলৈ। বিবেকানন্দ ৰক মেমৰিয়েলত গেৰুৱা বসন কৰি ধ্যানত বহা মোডীক অৱশ্যে আজি ওলাই অহাৰ সময়ত আকাশী ৰঙৰ কুৰ্টা, বগা ৰঙৰ ধুতি, বগা-ৰঙা গলবস্ত্ৰ আৰু ভৰিত জোতা পৰিধান কৰাৰ অৱস্থাতহে দেখা গৈছে।

তেওঁৰ কাষত আছে এছ পি জিৰ তিনি কামাণ্ডো। তেওঁ বাহিৰলৈ ওলাই অহা এই দৃশ্য প্ৰকাশ কৰিছে সামাজিক মাধ্যমত। উল্লেখ্য যে, আজি দেশৰ মুঠ ৮ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত সপ্তম তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ চলি আছে। ৩০ মে’ত নিৰ্বাচনী প্ৰচাৰ অন্ত পৰাৰ পাছতে প্ৰধানমন্ত্ৰী মোডীয়ে ধ্যানত বহিবলৈ উপস্থিত হৈছিলগৈ কন্যাকুমাৰীত থকা বিবেকানন্দ ৰক মেমৰিয়েলত।

ইয়াৰ পূৰ্বে আজিয়েই কন্যাকুমাৰীৰ পৰা প্ৰধানমন্ত্ৰী মোডীৰ আন এক ভিডিঅ’ প্ৰচাৰ কৰা হৈছে। তাত দেখা গৈছিল মোডীয়ে গেৰুৱা ৰঙৰ ধুতি আৰু কুৰ্টা পৰিধান কৰি আছিল। ডিঙিত আছিল গেৰুৱা ৰঙৰে গলবস্ত্ৰ। হাতত ৰুদাক্ষৰ মালা লৈ তেওঁ বিবেকানন্দ ৰক মেমৰিয়েলত পাইচাৰিও কৰি আছিল।

সেই ভিডিঅ’তে দেখা গৈছিল তেওঁ সূৰ্য নমস্কাৰো কৰিছে। কোনোবা সময়ত যদি প্ৰাণায়াম কৰিছে আকৌ কোনোবা সময়ত ধ্যানত মগ্ন হৈছে। সেই স্থানত থকা বিবেকানন্দৰ এক প্ৰতিমূৰ্তিৰ ভৰিত তেওঁ ফুল সজোৱাৰ দৃশ্যও দেখা গৈছিল।  

বৃহস্পতিবাৰে সন্ধিয়াৰ পৰা ধ্যানত বহা মোডীয়ে এই সময়ছোৱাত মৌন ব্ৰত ধাৰণ কৰিছিল। খাদ্য হিচাপে গ্ৰহণ কৰিছিল তৰল পদাৰ্থ। ইয়াৰ পূৰ্বে ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে তেওঁ গৈছিল কেদাৰনাথলৈ। ২০১৪ ত গৈছিল মহাৰাষ্ট্ৰৰ প্ৰতাপগড়লৈ। এইবাৰ তেওঁ গৈছে বিবেকানন্দ ৰক মেমৰিয়েললৈ।

অৱশ্যে এইবাৰ বিৰোধীয়ে মোডীৰ এয়াও এক নিৰ্বাচনী প্ৰচাৰৰ অংশ বুলিয়ে দাবী কৰিছে। আনুষ্ঠানিকভাৱে নিৰ্বাচনী প্ৰচাৰ সামৰিলে যদিও সংবাদ মাধ্যমত চৰ্চাত থাকি ভোটাৰৰ মাজত প্ৰভাৱ পেলাবলৈ তেওঁ এই কৌশল অৱলম্বন কৰিছে বুলি অভিযোগ কৰিছে।