বিদেশ ছফৰলৈ সাজু নৰেন্দ্ৰ মোডীঃ ১৩ জুনত উৰা মাৰিব ইটালীলৈ... 
ৰাষ্ট্ৰীয়

বিদেশ ছফৰলৈ সাজু নৰেন্দ্ৰ মোডীঃ ১৩ জুনত উৰা মাৰিব ইটালীলৈ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণৰ পাছতে বিদেশ ভ্ৰমণৰ বাবে সাজু হৈছে নৰেন্দ্ৰ মোডী। প্ৰধানমন্ত্ৰী মোডীৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমটো বিদেশ ভ্ৰমণ হ’ব ইটালী।

জি-৭ ৰ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ মোডীৰ এই ইটালী ভ্ৰমণ। এই সন্দৰ্ভত বৈদেশিক সচিব বিনয় মোহন কোৱাত্ৰাই এক সংবাদ বিবৃতিত সবিশেষ অৱগত কৰিছে।

তেওঁ কয়, "ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনিৰ আমন্ত্ৰণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কাইলৈ ৫০ সংখ্যক জি-৭ সন্মিলনৰ বাবে ভাৰতৰ পৰা ইটালীৰ আপুলিয়া অভিমুখে উৰা মাৰিব। এই সন্মিলনখন ১৪ জুনত ইটালীৰ এই চহৰত অনুষ্ঠিত হ'ব।

উল্লেখ্য যে, ভাৰত জি-৭ ৰ সদস্য ৰাষ্ট্ৰ নহয়। সেয়ে ভাৰতক এই সন্মিলনৰ এক প্ৰচাৰ দেশ হিচাপেহে আমন্ত্ৰণ জনোৱা হৈছে। এই বৈঠকত প্ৰধানমন্ত্ৰী মোডীয়ে বিশ্বৰ আন নেতাসকলৰ সৈতে কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰাৰ সুযোগ লাভ কৰিব।

এই সন্মিলনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেন, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেস মেক্ৰণ, জাপানৰ ৰাষ্ট্ৰপতি ফুমিও কিছিদা, কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোও উপস্থিত থাকিব।

এই বৈঠকৰ মাজতে প্ৰধানমন্ত্ৰী মোডীয়ে ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিঅ’ মেলোনিকো সাক্ষাৎ কৰিব। মেলোনি সেইসকল বিশ্ব নেতাৰ ভিতৰত অন্যতম যিয়ে নিৰ্বাচনী ফলাফল ঘোষণাৰ সময়তে নৰেন্দ্ৰ মোডীক তৃতীয় কাৰ্যাকালৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছিল।