বিজেপিৰ কাৰ্যালয়ত প্ৰধানমন্ত্ৰী মোডীক পূজা সমৰ্থকৰ...  
ৰাষ্ট্ৰীয়

বিজেপিৰ কাৰ্যালয়ত প্ৰধানমন্ত্ৰী মোডীক পূজা সমৰ্থকৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৪ ৰাজ্যৰ ভিতৰত ৩ খনতে বিজয় নিশ্চিত বিজেপিৰ। দলৰ এনে আনন্দৰ মুহূৰ্তত দেওবাৰে সন্ধিয়া দলীয় কৰ্মী-সমৰ্থকৰ সৈতে মিলিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

জানিব পৰা মতে সন্ধিয়া ৬ বজাৰ পৰা ৭ বজাৰ ভিতৰত দিল্লীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। প্ৰধানমন্ত্ৰীৰ অনুপস্থিতিতেই এই কাৰ্যালয়ত দিপাৱলী সদৃশ এক পৰিৱেশ সূচনা হৈছে। গতিকে প্ৰধানমন্ত্ৰীৰ উপস্থিতিত যে বিজেপিৰ কাৰ্যালয়ত আনন্দ উৎসৱৰ সৃষ্টি হ'ব সেয়া প্ৰায় নিশ্চিত।

উল্লেখ্য যে, দেওবাৰে পুৱা বিজেপিৰ মুখ্য কাৰ্যালয়ত হালৱা তৈয়াৰ কৰিছিল কৰ্মীসকলে। ইয়াৰ পাছত ভোটগণনা আৰম্ভ হোৱাৰ পাছতে যিদৰে বিজেপিয়ে ৩ খন ৰাজ্যত জয়ৰ দিশে আগবাঢ়ে ঠিক তেনেকৈয়ে দলীয় কাৰ্যালয়ত ভিৰ কৰিবলৈ আৰম্ভ কৰে কৰ্মীসকলে।

সময় বাগৰাৰ লগে লগে তেওঁলোকে নৃত্য, গীত কৰি আনন্দত মতলীয়া হৈ পৰিছে। কোনোবাই যদি ফটকা ফুটাইছে আন কোনোবাই আকৌ ফাকুৱা খানি আনন্দ প্ৰকাশ কৰিছে। বিজেপি কৰ্মীসকলে প্ৰধানমন্ত্ৰী মোডী জিন্দাবাদ শ্ল’গানে আকাশ, বতাহ কপাই তুলিছে। একাংশই আকৌ মোডীক ভগৱান আখ্যাৰে ফটোৰ সন্মুখত পূজা অৰ্চনা কৰিবলৈ লৈছে।

মধ্যপ্ৰদেশ, ছত্তিশগড়, ৰাজস্থানত বিজেপিৰ বিজয় নিশ্চিত হোৱাৰ পাছতে মোডী, মোডী শ্লগানেৰে এই ৰাজ্য কেইখনৰ বিজেপি কাৰ্যালয়ো কপি উঠিছে। শিৱৰাজ সিং চৌহানে মধ্যপ্ৰদেশত বিজয় নিশ্চিত বুলি জানিব পৰাৰ পাছতে কয়, মোডীজী মধ্যপ্ৰদেশৰ মনৰ মাজত আছে। মোডীজীৰ মনৰ মাজত আছে মধ্যপ্ৰদেশ। এই প্ৰৱণতাই স্পষ্ট কৰিছে ডাৱল ইঞ্জিনৰ চৰকাৰে মানুহৰ প্ৰত্যাশা পূৰণ কৰিবলৈ সক্ষম হৈছে। মোডীজীৰ নেতৃত্বত সকলো প্ৰকল্প সফল ৰূপায়ণ হৈছে। ইয়াৰ পৰাও প্ৰৱলভাৱে উপকৃত হৈছে মধ্যপ্ৰদেশৰ জনতা।

ছত্তিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপিৰ বৰ্ষীয়ান নেতা ৰমন সিংহয়ো মোডীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে। তেওঁ কয়, মানুহে জানিছিল তেওঁলোকে (কংগ্ৰেছে) দিয়া প্ৰতিশ্ৰুতিবোৰ কেৱল চমক আছিল। মানুহে জানে যে ভূপেশ বাঘেলে তেওঁৰ প্ৰতিশ্ৰুতি পূৰণ কৰাত ব্যৰ্থ হৈছে। সেয়েহে প্ৰধানমন্ত্ৰী মোডীৰ প্ৰতিশ্ৰুতিৰ ওপৰত ৰাজ্যখনৰ জনসাধাৰণৰ বিশ্বাস আছে।"

ৰাজস্থানতো একেই পৰিৱেশ।  বিজেপিয়ে ৰাজ্যখনৰ কংগ্ৰেছ চৰকাৰক উৎখাত কৰি ক্ষমতা দখল কৰিবলৈ আগবাঢ়িছে।