নিজৰ মৃত্যুৰ খবৰ দিয়া পুনমে পুনৰ দিলে জীয়াই থকাৰ খবৰ... 
ৰাষ্ট্ৰীয়

নিজৰ মৃত্যুৰ খবৰ দিয়া পুনমে পুনৰ দিলে জীয়াই থকাৰ খবৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ এডাল্ট ছবিৰ নায়িকা, বিতৰ্কিত মডেল পুনম পাণ্ডেৰ মৃত্যু হোৱা নাই। শুকুৰবাৰে এইগৰাকী নীলা ছবিৰ নায়িকাৰ মৃত্যুৰ খবৰ দেশজুৰি ভাইৰেল হৈ পৰিছিল।

পুনমৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলৰ জৰিয়তে তেওঁৰ মৃত্যু হোৱাৰ খবৰ ৰাজহুৱা কৰা হৈছিল। ইয়াৰ পিছত একাধিক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত পুনমৰ মেনেজাৰগৰাকীয়ে তেওঁৰ মৃত্যু নিশ্চিত কৰি মন্তব্য দিছিল।

কিন্তু শনিবাৰে পুনৰ পুনমৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলৰ পৰা এটা পোষ্ট দিয়া হৈছে। য'ত তেওঁ জীয়াই থকা বুলি উল্লেখ কৰা হৈছে।

শুকুৰবাৰে তেওঁৰ ইনষ্টাগ্ৰামত লিখিছিল ছাৰ্ভাইকেল কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ পুনম পাণ্ডেৰ মৃত্যু হৈছে। সেই একেটা ইনষ্টাগ্ৰাম একাউণ্টত আজি পুনৰ লিখিছে, তেওঁৰ ছাৰ্ভাইকেল কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা নাই। জীৱিত অৱস্থাত আছে তেওঁ।

তেওঁ উল্লেখ কৰিছে, দৰাচলতে ছাৰ্ভাইকেল কেঞ্চাৰ ৰোগৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবেহে তেওঁৰ এই পদক্ষেপ আছিল। হাজাৰ হাজাৰ মহিলাই এই ৰোগৰ বিষয়ে নজনাৰ বাবেই প্ৰতি বছৰে মৃত্যু হৈ আহিছে।

ছাৰ্ভাইকেল কেঞ্চাৰ ৰোগৰ সজাগতা সৃষ্টিৰ যি উদ্দেশ্য সেয়া অৱশ্যে প্ৰশংসনীয়। কিন্তু তেওঁৰ মৃত্যুৰ খবৰ ৰাজহুৱা কৰি সেই খবৰক আনুষ্ঠানিকভাৱে নিশ্চয়তা প্ৰদান কৰা বিষয়টোক সহজভাৱে ল'ব পৰা নাই নেটিজেনসকলে। বহুতেই এতিয়া আকৌ পুনম পাণ্ডেক সমালোচনাৰ লক্ষ্য কৰিও লৈছে।

সততে বিতৰ্কিত মন্তব্যৰে চৰ্চাৰ শীৰ্ষত থাকিবলৈ চেষ্টা কৰি অহা পুনম পাণ্ডেয়ে মূল সুঁতিৰ অভিনয় ক্ষেত্ৰখন এৰি ইতিমধ্যে নিষিদ্ধ ছবি জগততো প্ৰৱেশ কৰিছে।