৫ দিনে অসমত প্ৰৱেশ কৰিব পৰা নাই আলুৰ ট্ৰাকঃ আৰম্ভ হৈছে বংগ আৰক্ষীৰ ছিণ্ডিকেট... 
ৰাষ্ট্ৰীয়

৫ দিনে অসমত প্ৰৱেশ কৰিব পৰা নাই আলুৰ ট্ৰাকঃ আৰম্ভ হৈছে বংগ আৰক্ষীৰ ছিণ্ডিকেট...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আজি ৫ দিনে পশ্চিমবংগৰ পৰা অসমত প্ৰৱেশ কৰিব পৰা নাই আলু ভৰ্তি ট্ৰাক। ফলত ধুবুৰী সীমান্তত পশ্চিমবংগৰ দিশৰ পৰা অহা ট্ৰাকসমূহ আবদ্ধ হৈ আছে। ফলত অসম অভিমুখী ট্ৰাকসমূহৰ ভিতৰতে আলুবোৰ পচিবলৈ আৰম্ভ কৰিছে।

এনে পৰিস্থিতিত দুয়োখন ৰাজ্যৰে বিশেষকৈ অসমৰ আলু ব্যৱসীয়সকলৰ বৃহৎ লোকচনা প্ৰায় নিশ্চিত হৈছে। সমান্তৰালকৈ ৰাজ্যত অসাধু ব্যৱসায়ীয়ে এই সুযোগ গ্ৰহণৰো বাট অধিক প্ৰসস্ত হৈ পৰিছে।

উল্লেখ্য যে, বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে হঠাৎ অসম অভিমুখী আলুৰ ট্ৰাকসমূহ সীমান্ততে আবদ্ধ কৰি ৰখাৰ নিৰ্দেশ দিয়াৰ পিছৰে পৰা অসম অভিমুখী আলু ভৰ্তি ট্ৰাকসমূহ বংগৰ সীমান্ত আৰক্ষীয়ে আবদ্ধ কৰি ৰাখিছে। ফলত অসমত আলুৰ নাটনি হোৱাৰ সম্ভাৱনা প্ৰায় প্ৰকট হৈ পৰিছে।

ৰাজ্যৰ যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে দুদিন পূৰ্বে অসমত পৰ্যাপ্ত পৰিমাণ আলু মজুত থকাৰ তথ্য দিছিল যদিও গুৱাহাটীৰ বজাৰতে প্ৰতি কেজি আলুৰ মূল্য ৪৫ টকা হৈছেগৈ। মাত্ৰ দুটা দিনৰ ব্যৱধানৰ মাজতেই গুৱাহাটীৰ মহানগৰীৰ ঠায় ঠায়ে প্ৰতি কেজি আলুত ৫ টকা পৰ্যন্ত বৃদ্ধি পাইছে।

ইফালে বংগ সীমান্তত আবদ্ধ হৈ থকা একাংশ ট্ৰাক চালকে অভিযোগ কৰা অনুসৰি বংগ আৰক্ষীয়ে দুই এখন ট্ৰাক অসম অভিমুখে আহিবলৈ অনুমতি প্ৰদান কৰিছে যদিও সেই ট্ৰাকসমূহৰ পৰা ৩০ হাজাৰ টকা পৰ্যন্ত সংগ্ৰহ কৰিছে। বংগ আৰক্ষীৰ পৃষ্ঠপোষকতাত গঢ়লৈ উঠিছে এই নতুন ছিণ্ডিকেট।

এনে পৰিস্থিতি অসমৰ যিসকল ব্যৱসায়ীয়ে বংগৰ পৰা আলু অৰ্ডাৰ কৰিছিল তেওঁলোকৰ লোকচান হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে। উল্লেখ্য যে অসমে দৈনিক প্ৰয়োজন হোৱা আলুৰ চাহিদা পূৰণ কৰিবলৈ সৰ্বাধিক নিৰ্ভৰ কৰে পশ্চিমবংগ আৰু উত্তৰ প্ৰদেশৰ ওপৰত।

সেয়ে বংগ চৰকাৰে আজি ৫ দিন ধৰি আলুৰ ট্ৰাক অসমত প্ৰৱেশত বাধা দি থোৱা বিষয়টো যথেষ্ট চিন্তনীয় হৈ পৰিছে। শীঘ্ৰেই দুয়ো ৰাজ্যৰ সংশ্লিষ্ট পক্ষই আলোচনাৰ মাধ্যমেৰে এই সমস্যা সমাধান নকৰিলে যে আগন্তুত সময়ত এক জটিল পৰিস্থিতিৰ সূচনা হ'ব সেয়া নিশ্চিত।