প্ৰচাৰ ভাৰতীয়ে ক'লে ''অল ইণ্ডিয়া ৰেডিঅ'' হেনো সাম্ৰাজ্যবাদৰ স্মৃতি... 
ৰাষ্ট্ৰীয়

প্ৰচাৰ ভাৰতীয়ে ক'লে ''অল ইণ্ডিয়া ৰেডিঅ'' হেনো সাম্ৰাজ্যবাদৰ স্মৃতি...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৯০ বছৰীয়া এক ইতিহাস। ৯০ বছৰীয়া এক প্ৰথাৰ অৱসান ঘটিল বুধবাৰে। চৰকাৰী ভাৱে জাৰি হ’ল এক নিৰ্দেশনা। এতিয়াৰে পৰা ব্যৱহাৰ কৰিব নোৱাৰিব 'অল ইণ্ডিয়া ৰেডিঅ’ শব্দটি। তাৰ পৰিৱৰ্তে এতিয়াৰে পৰা ব্যৱহাৰ হ’ব কেৱল 'আকাশবাণী'।

সকলো ভাষাতেই কেৱল ব্যৱহাৰ কৰিব পাৰিব 'আকাশবাণী' শব্দটো। জানিব পৰা মতে ব্ৰিটিছ সাম্ৰাজ্যৰ বোজা আঁতৰাবলৈকে 'প্ৰচাৰ ভাৰতীয়ে' এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

বুধবাৰে চৰকাৰী সংবাদ সংস্থাৰ তৰফৰ পৰা জনোৱা অনুসৰি আগন্তুক সময়ত অনুষ্ঠান সম্প্ৰচাৰৰ সময়ত প্ৰচলিত প্ৰথা অনুসৰি কোনেও ব্যৱহাৰ কৰিব নোৱাৰিব 'অল ইণ্ডিয়া ৰেডিঅ’ শব্দটি। যোৱা ৯০ বছৰে অনুষ্ঠানৰ আৰম্ভণি আৰু সামৰণিৰ সময়ত ইংৰাজী ভাষাৰ 'অল ইণ্ডিয়া ৰেডিঅ’ শব্দ ব্যৱহাৰ কৰি আহিছিল।

কিন্তু এতিয়াৰে পৰা সকলো ভাষাৰ অনুষ্ঠানতে কেৱল ক’ব লাগিব 'আকাশবাণী'। প্ৰচাৰ ভাৰতীৰ ফালৰ পৰা এই সন্দৰ্ভত কোৱা হৈছে, ব্ৰিটিছৰ শাসনৰ সময়ত আৰম্ভ হোৱা এই পৰম্পৰাৰ সৈতে জড়িত হৈ আছে সাম্ৰাজ্যবাদৰ স্মৃতি।

সেয়ে ইংৰাজী ভাষাৰ 'অল ইণ্ডিয়া ৰেডিঅ'ৰ পৰিৱৰ্তে 'আকাশবাণী' শব্দটি ব্যৱহাৰ কৰা হৈছে। উল্লেখ্য, এই 'আকাশবাণী' শব্দটো প্ৰথমে ব্যৱহাৰ কৰিছিল 'কবিগুৰু' ৰবীন্দ্ৰনাথ ঠাকুৰে। অৱশ্যে ৰেডিঅ’ সন্দৰ্ভত গ্ৰহণ কৰা এই সিদ্ধান্তক বহুতেই হিন্দী আগ্ৰাসন বুলি কবলৈ বিচাৰিছে।

এই সন্দৰ্ভত তামিল নেতা এছ ৰামাদাসে কয় এয়া হিন্দীৰ আগ্ৰাসন। অল ইণ্ডিয়া ৰেডিঅ’ৰ সকলো সম্প্ৰচাৰৰ ওপৰত জোৰ কৰি হিন্দী ভাষা জাপি দিয়া হৈছে। তামিলনাডুত যেতিয়া ৰেডিঅ’ সম্প্ৰচাৰ হ’ব তেতিয়া তামিল ভাষা ব্যৱহাৰ কৰা উচিত।

ৰেডিঅ’ সৰ্বভাৰতীয় এক মাধ্যম হ’লেও ইয়াৰ অনুষ্ঠানবোৰ বিভিন্ন ৰাজ্যত বিভিন্ন ভাষাত সম্প্ৰচাৰ হয়। গতিকে আকাশবাণীৰ পৰিৱৰ্তে কিয় কোনো তামিল শব্দ ব্যৱহাৰ কৰা নহ’ব?