আৰ জি কৰ মেডিকেল কলেজ হাস্পতালৰ জঘন্য ঘটনাৰ একমাত্ৰ দোষী সঞ্জয় ৰয় ! 
ৰাষ্ট্ৰীয়

আৰ জি কৰ মেডিকেল কলেজ হাস্পতালৰ জঘন্য ঘটনাৰ একমাত্ৰ দোষী সঞ্জয় ৰয় !

২০০ সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰি দাখিল কৰা চাৰ্জশ্বীটত তদানীন্তন অধ্যক্ষ সন্দীপ ঘোষ, টালা আৰক্ষী থানাৰ তদানীন্তন ভাৰপ্ৰাপ্ত বিষয়া অভিজিৎ মণ্ডলৰো নাম

Asomiya Pratidin

ডিজিটেল ডেস্কঃ কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজত সংঘটিত হোৱা যুৱতী চিকিৎসকৰ যৌন নিৰ্যাতন আৰু হত্যাৰ জঘন্য ঘটনাৰ সন্দৰ্ভত আজি চি বি আইয়ে প্ৰথমখন চাৰ্জশ্বীট দাখিল কৰিলে। ঘটনাৰ ৫৮ দিনৰ মূৰত শিয়ালদহ আদালতত দাখিল কৰা এই চাৰ্জশ্বীটত পূৰ্বেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সঞ্জয় ৰয়কে একমাত্ৰ দোষী হিচাপে উল্লেখ কৰিছে।

জানিব পৰা মতে ২০০ পৃষ্ঠাৰ এই প্ৰথমখন চাৰ্জশ্বীটত হাস্পতালখনৰ ছেমিনাৰ হলত সংঘটিত হোৱা এই জঘন্য ঘটনাৰ তথ্য, প্ৰমাণ বিনষ্ট কৰাৰ কথাও উল্লেখ আছে। মন কৰিবলগীয়া যে, ঘটনাৰ পাছত হাস্পতাল কৰ্তৃপক্ষৰ বিৰুদ্ধে ঘটনাৰ তথ্য, প্ৰমান বিনষ্ট কৰাৰ অভিযোগ উঠিছিল।

হাস্পতালখনৰ তদানীন্তন অধ্যক্ষ সন্দীপ ঘোষ, টালা আৰক্ষী থানাৰ তদানীন্তন ভাৰপ্ৰাপ্ত বিষয়া অভিজিৎ মণ্ডল আদিৰ বিৰুদ্ধে এনে অভিযোগ উঠিছিল।পাছত এই দুয়োকে গ্ৰেপ্তাৰ কৰা হৈছে। এই দুয়োজনৰ নামো চাৰ্জশ্বীটত উল্লেখ আছে।

জানিব পৰা মতে আজি দাখিল কৰা চাৰ্জশ্বীটত ২০০ জনৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰা হৈছে। যোৱা ৮ আগষ্টৰ অভিশপ্ত নিশা আৰ জি কৰ মেডিকেল কলেজ হাস্পতালৰ ছেমিনাৰ হলত সংঘটিত হোৱা সেই ঘটনাক কেন্দ্ৰ কৰি আজিও উত্তপ্ত হৈ আছে কলকাতা। কনিষ্ঠ চিকিৎসকসকলে এতিয়াও বিভিন্ন দাবীৰে প্ৰতিবাদ অব্যাহত ৰাখিছে।