কলকাতাৰ তৰুণী চিকিৎসকৰ হত্যাকাণ্ডৰ ঘটনাৰ সুযোগ লৈছে কোনে?  
ৰাষ্ট্ৰীয়

কলকাতাৰ তৰুণী চিকিৎসকৰ হত্যাকাণ্ডৰ ঘটনাৰ সুযোগ লৈছে কোনে?

Asomiya Pratidin

ডিজিটেল ডেস্কঃ কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ হাস্পতাল কাণ্ডই জোকাৰিছে সমগ্ৰ দেশ। তৰুণী চিকিৎসকক যৌন নিৰ্যাতন কৰি হত্যা কৰা ঘটনাই উত্তাল কৰিছে পশ্চিমবংগ।

নৃশংসতাৰ সকলো সীমা অতিক্ৰম কৰা চিকিৎসালয়খনৰ এই ঘটনাৰ প্ৰতিবাদৰ মাজতে বুধবাৰে নিশা হঠাৎ আৰ জি কৰ মেডিকেল কলেজত আক্ৰমণ চলালে প্ৰতিবাদকাৰীৰ ৰূপত যোৱা দুৰ্বৃত্তই। অভিযোগ অনুসৰি নিশা বৃহৎ সংখ্যক প্ৰতিবাদকাৰীয়ে আৰ জি কৰ মেডিকেল কলেজ হাস্পতালৰ সন্মুখত অৱস্থান কৰি পৰিস্থিতি উত্তাল কৰি তুলিছিল।

প্ৰতিবাদকাৰীৰ আক্ৰমণাত্মক ৰূপ দেখি সুৰক্ষাৰ দায়িত্বত থকা আৰক্ষীয়েও ভয় কৰিছিল। তাৰ মাজতেই মেডিকেল কলেজ হাস্পতালখনৰ জৰুৰীকালীন বিভাগত আক্ৰমণ কৰাৰ লগতে চিকিৎসকৰ ওপৰতো আক্ৰমণ চলালে এই দুৰ্বৃত্তৰ দলটোৱে।

ফলত প্ৰাণৰ মমতাত একাংশ চিকিৎসাকৰ্মীয়ে চিকিৎসালয় এৰি পলায়ন কৰিবলগীয়া পৰিস্থিতিৰো সূচনা হয়। মাজনিশা সৃষ্টি হোৱা এনে পৰিস্থিতিৰ পাছতে এতিয়া বংগ আৰক্ষীয়ে হাস্পতালখনত প্ৰতিবাদৰ নামত সৃষ্টি কৰা এনে কাৰ্যকলাপৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে।

হাস্পতালখনত আক্ৰমণ কৰা প্ৰতিবাদকাৰীক বিচাৰি আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে। এই ক্ষেত্ৰত আৰক্ষীয়ে সহায় লৈছে সামাজিক মাধ্যমৰ। বৃহস্পতিবাৰে কলকাতা আৰক্ষীয়ে তেওঁলোকৰ ফেচবুক একাউণ্টত ৬০ খন ছবি পোষ্ট কৰিছে।

এই ছবিসমূহত হাস্পতালখন আক্ৰমণকাৰীক চিনাক্ত কৰা হৈছে। আৰক্ষীৰ আহ্বান তেওঁলোকে চিনাক্ত কৰা এই লোকসকলৰ সবিশেষ যিসকলে জানে শীঘ্ৰেই আৰক্ষীক অৱগত কৰিবলৈ কোৱা হৈছে।

ইফালে শেহতীয়াকৈ আৰ জি কৰ মেডিকেল কলেজ হাস্পতালত সংঘটিত হোৱা জঘণ্য যৌন নিৰ্যাতন আৰু হত্যাৰ ঘটনাৰ সন্দৰ্ভত পোহৰলৈ আহিছে এক নতুন তথ্য। চিকিৎসা মহাবিদ্যালয়খনৰ স্নাতকোত্তৰ মহলাৰ ৩১ বছৰীয়া ভুক্তভোগী চিকিৎসকগৰাকীৰ সৈতে সংঘটিত হোৱা ঘটনা সন্দৰ্ভত প্ৰথমে ভুল খবৰ দিছিল চিকিৎসা মহাবিদ্যালয়খনৰ সহকাৰী অধীক্ষকগৰাকীয়ে।

আৰ জি কৰ মেডিকেল কলেজ হাস্পতালৰ মেডিচিন বিভাগৰ প্ৰধান অধ্যাপক ডাঃ অৰুণাভ দত্ত চৌধুৰীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে তৰুণ চিকিৎসকগৰাকীৰ পৰিয়ালৰ লোকক প্ৰথমে এই বলাৎকাৰ আৰু হত্যাকাণ্ডৰ খবৰ দিওঁতে আত্মহত্যা বুলিহে অৱগত কৰিছিল।

কিন্তু কিহৰ বাবে এইদৰে আত্মহত্যাৰ ভুৱা খবৰ দিয়া হৈছিল সেয়া এতিয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে। আৰ জি কৰ মেডিকেল কলেজৰ এই ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত ইতিমধ্যে এজনক গ্ৰেপ্তাৰ কৰা হৈছে।

আৰক্ষীয়ে দাবী কৰিছে ধৃত ব্যক্তিজনে আৰক্ষীৰ জেৰাত দোষ স্বীকাৰ কৰিছে। কিন্তু তাৰ পাছতো তৰুণ চিকিৎসকগৰাকীৰ হত্যাকাণ্ডক লৈ নানান প্ৰশ্নৰ উত্থাপন হৈছে। বিশেষকৈ ভুক্তভোগী চিকিৎসকগৰাকীৰ বাসগৃহত তেওঁ হত্যা কৰা বুলি কিয় কোৱা হৈছিল সেয়া এতিয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে।

ইফালে চিকিৎসালয়খনৰ যি ছেমিনাৰ হলত এই ঘটনা সংঘটিত হৈছিল সেই ছেমিনাৰ হলত চিচি টিভি কেমেৰা কিয় নাছিল সেয়াও এক ডাঙৰ প্ৰশ্ন। ছেমিনাৰ হলৰ তলা কোনে বন্ধ কৰিছিল আৰু পুৱা কোনে খুলিছিল এই লৈয়ো প্ৰশ্ন উত্থাপন হৈছে।

ডাঃ অৰুণাভ দত্ত চৌধুৰীয়ে জনোৱা মতে সেই নিশা নাৰ্ছিং ইনচাৰ্জ হিচাপে থকা কৃষ্ণা শ্বাহাই জনোৱা অনুসৰি ঘটনা সংঘটিত হোৱাৰ নিশা তেওঁৰ ৱাৰ্ডত মুঠ চাৰিগৰাকী নাৰ্ছ ডিউটিত আছিল। কৃষ্ণা শ্বাহাই কোৱা মতে ছেমিনাৰ হল চিকিৎসকসকলে ব্যৱহাৰ কৰে।

হলৰ কাষত থকা বক্সতেই ছাবি থাকে। যাৰ প্ৰয়োজন হয় সিয়েই সেই ছাবি লৈ ছেমিনাৰ হলৰ তলা খুলি প্ৰবেশ কৰে। মূলতঃ পঢ়া, শুনা কৰিবলৈকে ছেমিনাৰ হল ব্যৱহাৰ কৰা হয়।

অৱশ্যে চিকিৎসকসকলে ভাগৰুৱা হৈ নিশা কেতিয়াবা তাতেই জিৰণিও লয়। প্ৰকাশিত খবৰ অনুসৰি সেই নিশা ভাগৰুৱা হৈ থকা ভুক্তভোগী চিকিৎসকগৰাকীয়ে নিশা কিছু জিৰণি ল’বলৈ ছেমিনাৰ হলত সোমাইছিল।

কিন্তু ঘটনা সংঘটিত হোৱাৰ নিশা ছেমিনাৰ হলৰ ছাবি কোনে খুলিছিল সেই বিষয়ক লৈ কোনো তথ্য কাৰো হাততে নাই। এনে পৰিস্থিতিতে গোটেই ঘটনাৰ ন্যায় বিচাৰি জুনিয়ৰ চিকিৎসকসকলে কৰ্মবিৰতি পালন কৰি প্ৰতিবাদ কৰিছে।

বংগৰ ৰাজপথত প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ কৰিছে। বুধবাৰেও দিনত ভিন্ন স্থানত প্ৰতিবাদ হোৱাৰ সমান্তৰালকৈ সন্ধিয়াৰ ভাগতো প্ৰতিবাদ চলিছিল। এই প্ৰতিবাদত চামিল হৈছিল মহিলাও।

নিশাৰ ভাগলৈকে চলা এই প্ৰতিবাদৰ মাজতে সোমাই পৰিছিল একাংশ দুষ্কৃতিকাৰী। এই দুষ্কৃতিকাৰীসকলেই আৰ জি কৰ মেডিকেল কলেজ হাস্পতাল একপ্ৰকাৰে দখল কৰে আৰু জৰুৰীকালীন বিভাগত প্ৰৱেশত কৰি জুনিয়ৰ চিকিৎসকসকলক মাৰধৰ কৰাৰ উপৰিও বিভিন্ন সামগ্ৰী ধ্বংস কৰে।

ন্যায়ৰ বাবে চলি থকা প্ৰতিবাদৰ মাজত একাংশ দুষ্কৃতিকাৰীয়ে এনে ধৰণৰ কাৰ্য সংঘটিত কৰি গোটেই প্ৰতিবাদী কাৰ্যকলাপক যে এক বিপৰীত গতি দিবলৈ চেষ্টা কৰিছে সেয়া বুধবাৰৰ নিশাৰ ঘটনাই স্পষ্ট কৰিছে।