ৰাষ্ট্ৰীয়

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাঃ সাজু কৰা হৈছে অত্যাধুনিক ড্ৰোণ, ১০০০০ চিচিটিভি

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মাজত মাত্ৰ কেইটামান দিন। ২২ জানুৱাৰীত অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ'ব। ইয়াৰ বাবে চলিছে তীব্ৰ গতিত প্ৰস্তুতি। আটক ধুনীয়াকৈ সজাই তোলা হৈছে ৰাম মন্দিৰ। কেৱল সজোৱাৰ ক্ষেত্ৰতেই নহয়, নিৰাপত্তাৰ ক্ষেত্ৰতো অধিক গুৰুত্ব দিয়া হৈছে।

নিৰাপত্তা ব্যৱস্থাৰ অংশ হিচাপে আৰক্ষীয়ে উচ্চ মানৰ ড্ৰোন মোতায়েন কৰিব । ইতিমধ্যে ১০,০০০ তকৈও অধিক চিচিটিভি কেমেৰা নিৰীক্ষণৰ বাবে স্থাপন কৰা হৈছে। এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই এই বিষয়ে তথ্য জনায়।

উত্তৰ প্ৰদেশৰ আৰক্ষী সঞ্চালক প্ৰধান (আইন-শৃংখলা) প্ৰশান্ত কুমাৰে কয় যে চৰকাৰ আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ নিৰ্দেশত অযোধ্যাত ১০,০০০ তকৈও অধিক চিচিটিভি কেমেৰা স্থাপন কৰা হৈছে। লগতে কয় যে ইয়াত বেলেগ প্ৰকাৰৰ ড্ৰোণ ব্যৱহাৰ কৰা হব। যাৰ দ্বাৰা ওচৰত উৰি থকা যিকোনো অননুমোদন নোহোলা ড্ৰোন চিনাক্ত কৰা। তেওঁ কয় যে, এই ড্ৰোণটোৱে অন্য ড্ৰোণ নিজৰ নিয়ন্ত্ৰণলৈ আনিব পাৰিব। ৰিমোট থকা ব্যক্তিজনৰ কোনো নিয়ন্ত্ৰণত নাথাকিব।

উল্লেখ্য যে, ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচীলৈ দেশ-বিদেশৰ বহু ভক্ত আহিব। ইতিমধ্যে বহুলোকে উপহাৰো প্ৰেৰণ কৰিছে। এতিয়া ভক্তই মাত্ৰ অপেক্ষা কৰি আছে ২২ জানুৱাৰীলৈ।