ৰাষ্ট্ৰীয়

বিপদে লগ এৰা নাই কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ পুনৰ বিপদে কাষ চাপিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। লোকসভাৰ সদস্যপদ ঘূৰাই পোৱাৰ পাছতে পুনৰ এই সিদ্ধান্তক প্ৰত্যাহ্বান জনোৱা হৈছে।

লোকসভা সচিবালয়ৰ অধিসূচনা বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ত আবেদন দাখিল হৈছে । আবেদনখনত কেৰালাৰ ৱায়ানাডৰ সাংসদ হিচাপে তেওঁৰ সদস্যপদ ঘূৰাই দিয়া লোকসভা সচিবালয়ৰ অধিসূচনা বাতিল কৰিবলৈ আহ্বান জনোৱা হৈছে।

অধিবক্তা অশোক পাণ্ডে এই আৱেদনখনত কৈছে যে জনপ্ৰতিনিধিত্ব আইন ১৯৫১ৰ ধাৰা ৮(৩)ৰ অধীনত আইন পৰিচালনাৰ পৰা সংসদ বা বিধানসভাৰ এজন সদস্যই পদ হেৰুৱালে যেতিয়ালৈকে কোনো ডাঙৰ আদালতে দোষমুক্ত ঘোষণা নকৰে তেতিয়ালৈকে অযোগ্য হৈয়ে থাকিব।

উল্লেখ্য যে, উচ্চতম ন্যায়ালয়ে ৰাহুল গান্ধীৰ গোচৰটোত স্থগিতাদেশ জাৰি কৰিছে। তাৰ পাছতে তেওঁ লোকসভাৰ সদস্য পদ ঘূৰাই পাইছিল কংগ্ৰেছ নেতাগৰাকীয়ে। মোডী উপাধিক লৈ ৰাহুল গান্ধীক দোষী সাৱ্যস্ত কৰিছিল গুজৰাট উচ্চ ন্যায়ালয়ে। তাৰ পাছতে এই ৰায়ত স্থগিতাদেশ জাৰি কৰিছিল উচ্চতম ন্যায়ালয়ে।