এক্সত ট্ৰেণ্ডিং- মোডী নহয় ৰাহুলহে পৌনটি !  
ৰাষ্ট্ৰীয়

এক্সত ট্ৰেণ্ডিং- মোডী নহয় ৰাহুলহে পৌনটি !

Asomiya Pratidin

ডিজিটেল ডেস্কঃ নাম নোকোৱাকৈয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ৰাজস্থানৰ জনসভাত 'পৌনটি' আখ্যা দিছিল ৰাহুল গান্ধীয়ে। ৩ ডিচেম্বৰৰ পুৱা ৮ বজাত ভোটগণনা হোৱাৰ পাছৰে পৰা ৰাহুল গান্ধীকো পৌনটি আখ্যাৰে সামাজিক মাধ্যম ভৰি পৰিছে।

তেলংগানাৰ বাহিৰে বাকী মধ্যপ্ৰদেশ, ৰাজস্থা, ছত্তিশগড় বিজেপিৰ দখললৈ যোৱাটো নিশ্চিত হৈছে। এনে অৱস্থাত চি টি ৰবিয়ে এক্সত লিখিছে, আটাইতকৈ ডাঙৰ পৌনটি কোন? আপোনাৰ কিবা ধাৰণা আছে নেকি ৰাহুল গান্ধী? ইয়াৰ পাছতে এক্সৰ ট্ৰেণ্ডিঙত 'ৰাহুল গান্ধী পৌনটি হ্যে' তৃতীয় স্থানত আছে।

উল্লেখ্য যে, বিশ্বকাপৰ ফাইনেলত ভাৰতৰ পৰাজয়ৰ বাবে ষ্টেডিয়ামৰ গেলাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতি বুলি প্ৰকাৰন্তৰে কৈছিল ৰাহুল গান্ধীয়ে। ৰাহুস গান্ধীয়ে কৈছিল- আমাৰ ল'ৰাবোৰে ভালেই খেলিছিল। বিশ্বকাপো জয়ী হ'ল হয়। কিন্তু পৌনটিয়ে সকলো শেষ কৰি দিলে।

নিজৰ ভাষণত মোডীৰ নাম নোলোৱাকৈ ৰাহুল গান্ধীৰ এই আক্ৰমণে যথেষ্ট চৰ্চা লাভ কৰিছিল। কিন্তু আজি ভোটগণনা অব্যাহত থকাৰ মাজতে কংগ্ৰেছৰ বিপৰ্যয় পৰিস্ফুত হোৱাত ৰাহুল গান্ধীয়েও পৌনটি আখ্যা পাইছে। কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে কংগ্ৰেছ নেতাগৰাকীক মানসিক ভাৱে অসুস্থ বুলিও কটাক্ষ কৰিছে।