শীঘ্ৰেই ভাৰতত চলিব বুলেট ট্ৰেইনঃ জাপানৰ ৰে'ল বিভাগৰ সহায়ত চলিছে কাম... 
ৰাষ্ট্ৰীয়

শীঘ্ৰেই ভাৰতত চলিব বুলেট ট্ৰেইনঃ জাপানৰ ৰে'ল বিভাগৰ সহায়ত চলিছে কাম...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দেশত এটাৰ পিছত এটাকৈ ৰে'ল দুৰ্ঘটনা হৈয়ে আছে। চলিত মাহতে তিনিটাকৈ ৰে'ল দুৰ্ঘটনাই জোকাৰি গৈছে দেশবাসীক। তাৰ পাছতো সংসদত ৰে'ল মন্ত্ৰীৰ মুখত ৰে'ল দুৰ্ঘটনাৰ পৰিৱৰ্তে শুনিবলৈ পোৱা গৈছে বুলেট ট্ৰেইনৰহে প্ৰসংগ।

বুধবাৰে সংসদৰ অধিবেশনত ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে বুলেট ট্ৰেইন প্ৰসংগত বক্তব্য প্ৰদান কৰে। তেওঁ উল্লেখ কৰা মতে দেশত বুলেট ট্ৰেইন চলাচল কৰিবৰ বাবে দ্ৰুত গতিত কাম কাজ আগবাঢ়িছে। শীঘ্ৰেই ভাৰতত বুলেট ট্ৰেইন চলিব।

মন কৰিবলগীয়া যে, অশ্বিনী বৈষ্ণৱে যিসময়ত বুলেট ট্ৰেইনৰ প্ৰসংগত ভাষণ দিছে তাৰ মাত্ৰ এটা দিন পূৰ্বে অৰ্থাৎ মঙ্গলবাৰে মুম্বাই অভিমুখী হাওৰা-চি এছ এম টি এক্সপ্ৰেছখন ঝাৰখণ্ডত দুৰ্ঘটনাৰ সন্মুখীন হৈ ২ জনকৈ যাত্ৰীৰ মৃত্যু হৈছে। আহত হৈছে বহুজন। দুৰ্ঘটনাগ্ৰস্ত ৰে'লখনৰ ১৮ টাকৈ ডবা লাইনচ্যুত হৈছে।

ইয়াকে লৈ সমালোচনাৰো সন্মুখীন হৈছে কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱো। প্ৰশ্ন উত্থাপন হৈছে ৰে'ল বিভাগে ব্যৱহাৰ কৰা 'কবচ' প্ৰযুক্তিৰ ওপৰতো। এনে এক সময়তে আজি ৰে'লমন্ত্ৰীয়ে সংসদত কয় জাপানৰ সহায়ত বুলেট ট্ৰেইনৰ প্ৰকল্পৰ কাম ভাৰতত আগবাঢ়িছে। এই প্ৰকল্পৰ অধিকাংশ কাম ইতিমধ্যে চলি আছে।

বুলেট ট্ৰেইনৰ ৩২০ কিলোমিটাৰ যাত্ৰা পথৰ কাম দ্ৰুতগতিত আগবঢ়িছে। অশ্বিনী বৈষ্ণৱে কয়, বুলেট ট্ৰেইন এটি অত্যন্ত জটিল আৰু প্ৰযুক্তি নিৰ্ভৰ প্ৰকল্প। যাত্ৰীসকলৰ সৰ্বোচ্চ নিৰাপত্তাৰ কথা মনত ৰাখিয়েই জাপানৰ ৰে'লৱেৰ সাহায্যত এই প্ৰকল্পৰ নক্সা তৈয়াৰ কৰা হৈছে আৰু ভাৰতৰ পৰিবেশ তথা চাহিদা অনুসৰি প্ৰকল্পৰ কাম আগবাঢ়িছে। ইয়াৰ সকলো আন্তঃগাঁথনি, বৈদ্যুতিক ছিগনেল, টেলি যোগাযোগৰ কাম সম্পূৰ্ণ হ'লেই বুলেট ট্ৰেইন আৰম্ভ কৰাৰ দিন স্থিৰ কৰা হ'ব।

দেশৰ প্ৰথমখন বুলেট ট্ৰেইন চলিব মুম্বাইৰ পৰা আহমেদাবাদৰ মাজত। এই দুয়োখন ঠাইৰ মুঠ ৫০৮ কিলোমিটাৰ ট্ৰেকৰ ভিতৰত ৩২০ কিলোমিটাৰ ট্ৰেকৰ কাম কাজ চলি আছে। এই কামৰ মাজতে কিছু বাধাৰ সৃষ্টি হৈছিল যদিও এতিয়া সেই বাধা আঁতৰিছে আৰু কাম পুনৰ আৰম্ভ হৈছে।

ৰে'লমন্ত্ৰীগৰাকীয়ে কয়, প্ৰাথমিকভাৱে বুলেট ট্ৰেইনৰ প্ৰযুক্তি জাপানৰ পৰা আমদানি কৰিলেও এতিয়া দেশৰ মাটিতে অনেক প্ৰযুক্তি তৈয়াৰ কৰা হৈছে। তেওঁ ভাৰতৰৰ সাগৰৰ তলিৰে ৰে'ল সুৰংগ নিৰ্মাণৰ কথাও উল্লেখ কৰিছে।

তেওঁ কয়, সাগৰৰ তলীৰে ৰে'ল চলাচল কৰিবৰ বাবে ২১ কিলোমিটাৰ দৈৰ্ঘ্যৰ সুৰংগ তৈয়াৰ কৰাৰ কাম চলি আছে। তেওঁ লগতে উল্লেখ কৰিছে সমগ্ৰ দেশত এতিয়া ১০২ খন বন্দে ভাৰত এক্সপ্ৰেছে সেৱা আগবঢ়ায় আছে।

ৰে'লমন্ত্ৰীগৰাকীয়ে ৰে'ল বিভাগৰ এনে চমৎকাৰী ঘোষণাসমূহ কৰিলে যদিও সঘনে সংঘটিত হোৱা ৰে'ল দুৰ্ঘটনাৰ বিষয়ে কোনো কথা উল্লেখ নকৰিলে। ২০২৩ চনত ওৰিষ্যাত চেন্নাই অভিমুখী কৰমণ্ডল এক্সপ্ৰেছ উঠিছিলগৈ এখন মালবাহী ৰে'লৰ ওপৰত। দুৰ্ঘটনাগ্ৰস্ত হৈছিল বেংগালুৰু-হাওৰা চুপাৰ ফাষ্ট এক্সপ্ৰেছ।

এই দুৰ্ঘটনাত প্ৰায় ৩০০ জন যাত্ৰীৰ মৃত্যু হৈছিল। ইয়াৰ পাছত চলিত বছৰত নিউ জলপাইগুৰিৰ কাষত কাঞ্চনজংঘা এক্সপ্ৰেছ দুৰ্ঘটনাগ্ৰস্ত হৈছে। একেদৰেই ডিব্ৰুগড় এক্সপ্ৰেছ আৰু হাওৰা চি এছ এম টি এক্সপ্ৰেছো দুৰ্ঘটনাত পতিত হৈছে।

এনেদৰে সঘনে ৰে'ল দুৰ্ঘটনা হোৱাক লৈ ভাৰতীয় ৰে'লৰ সুৰক্ষা ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন হৈ আহিছে। ৰে'লমন্ত্ৰীৰ পদত্যাগৰ দাবী উত্থাপন হৈছে। সমালোচিত হৈছে কেন্দ্ৰীয় চৰকাৰ।

এনে সমালোচামুখৰ পৰিবেশৰ মাজতে বুলেট ট্ৰেইনৰ প্ৰসংগ উত্থাপনেৰে অশ্বিনী বৈষ্ণৱে ৰে'ল দুৰ্ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা পৰিস্থিতিক নিয়ন্ত্ৰণ কৰিবলৈ অথবা ইছ্যু ডাইভাৰ্ট কৰিবলৈ চেষ্টা কৰিছে নেকি বুলিও চৰ্চা হৈছে।