ৰাষ্ট্ৰীয়

প্ৰচণ্ড গৰমত দেশত ১৫গৰাকীয়ে হেৰুৱালে প্ৰাণ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ প্ৰচণ্ড গৰমত দেশৰ ভিন্ন প্ৰান্তত তথৈবচ অৱস্থা। এতিয়ালৈকে প্ৰচণ্ড গৰমত দেশৰ ৩ৰাজ্যত মৃত্যু হৈছে ১৫গৰাকীকৈ লোকৰ। বিগত ১০দিনৰ পৰা ৰাজস্থানকে ধৰি কেইবাখনো ৰাজ্যত তাপমাত্ৰা পাৰাস্তম্ভ ৫০ৰ ঘৰ অতিক্ৰম কৰিছে।

পশ্চিম বংগত এটা ৰেলৱে ষ্টেচনত প্ৰচণ্ড গৰমৰ বাবে এগৰাকী শ্ৰমিকৰ মৃত্যু হৈছে। ৰাজস্থানৰ জালুৰ, জয়পুৰকে ধৰি কেইবাটাও স্থানত প্ৰচণ্ড গৰমৰ বাবে ১২গৰাকীৰো অধিক লোকৰ মৃত্যু হোৱা বুলি ৰাষ্ট্ৰীয় সংবাদমাধ্যমত খবৰ প্ৰকাশ পাইছে।

প্ৰচণ্ড গৰমৰ বিপৰীতে নেৰানেপেৰা বৃষ্টিপাতৰ বাবে কেৰালাত সৃষ্টি হৈছে অবৰ্ণনীয় পৰিৱেশৰ।  প্ৰচণ্ড বৃষ্টিপাতৰ বাবে হোৱা বান আৰু বজ্ৰ পৰি ৭গৰাকীকৈ লোকৰ মৃত্যু হৈছে কেৰালাত। ৰাজ্যখনত মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভৱনা ব্যক্ত কৰিছে প্ৰশাসনে।