সন্তুষ্টিৰ হাঁহিঃ ৰাজস্থানত ৪ প্ৰাৰ্থীৰ বিজয় ঘোষণা... 
ৰাষ্ট্ৰীয়

সন্তুষ্টিৰ হাঁহিঃ ৰাজস্থানত ৪ প্ৰাৰ্থীৰ বিজয় ঘোষণা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৰাজস্থানৰ ১১৩ খন আসনত আগবাঢ়ি থকা বিজেপিৰ ৩ জনকৈ প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰিছে।আনহাতে ভাৰত আদিবাসী পাৰ্টিৰ এজন প্ৰাৰ্থী বিধায়ক হিচাপে নিৰ্বাচিত হৈছে।

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি বিজয়ী প্ৰাৰ্থী তিনিগৰকী ক্ৰমে ৪৮ নং জামৱা ৰামগড় বিধানসভা সমষ্টিৰ মহেন্দ্ৰ পাল মীনা, ১৪৭ নং পিন্দৱাৰা বিধানসভা সমষ্টিৰ ছমাৰম আৰু ২০০ নং মনোহৰ ঠানে বিধানসভা সমষ্টিৰ গোবিন্দ প্ৰসাদ। ইয়াৰে মহেন্দ্ৰ পাল মীনাই ১০০০৪১ টা ভোট লাভ কৰিছে।

তেওঁ নিকটতম প্ৰতিদ্বন্দিগৰাকীক ৩৮৪২৭ ভোটত পৰাস্ত কৰিছে। ছমাৰমে লাভ কৰিছে ৭০৬৪৭ টা ভোট। তেওঁ নিকটতম প্ৰাৰ্থীগৰাকীক ১৩০৯৪ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰিছে।

গোবিন্দ প্ৰসাদে তেওঁৰ নিকটতম প্ৰাৰ্থীগৰাকীক ২৪৮৬৫ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰিছে। তেওঁ লাভ কৰিছে ৮৫৩০৪ টা ভোট। আনহাতে ভাৰত আদিবাসী পাৰ্টীৰ ৰাজকুমাৰ ৰাৱটে চৌৰাসী সমষ্টিৰ পৰা ১১১৫০ টা ভোট লাভ কৰি নিৰ্বাচিত হৈছে। তেওঁ নিকটতম প্ৰতিদ্বন্দিগৰাকীক ৬৯১৬৬ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰিছে।