চৰকাৰ গঠনৰ এমাহৰ পাছতে উপ-নিৰ্বাচনত পৰাজিত বিজেপিঃ কংগ্ৰেছৰ শক্তি বৃদ্ধি... 
ৰাষ্ট্ৰীয়

চৰকাৰ গঠনৰ এমাহৰ পাছতে উপ-নিৰ্বাচনত পৰাজিত বিজেপিঃ কংগ্ৰেছৰ শক্তি বৃদ্ধি...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মাত্ৰ কেইটামান দিনৰ পূৰ্বে ৫ ৰাজ্যত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত বিপুল বিজয় সাব্যস্ত কৰিছিল বিজেপিয়ে। এই নিৰ্বাচনৰ ফলাফলে অধিক আত্মবিশ্বাসী কৰি তুলিছিল বিজেপিক।

হয়তো এই আত্মবিশ্বাসেই কাল হ'ল। ৰাজস্থানত অনুষ্ঠিত হোৱা উপ-নিৰ্বাচনত পৰাজিত হ'বলৈ বাধ্য হ'ল বিজেপিৰ এগৰাকী মন্ত্ৰী। ১১ হাজাৰ ভোটৰ ব্যৱধানত বিজয় সাব্যস্ত কৰা কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ এই বিজয়ে ৰাজ্যখনত কংগ্ৰেছৰ চৰকাৰ প্ৰতিষ্ঠা কৰিবলৈ নোৱাৰিলেও দলটোক লোকসভা নিৰ্বাচনলৈ অধিক শক্তিশালী হৈ উঠাত মনোবল বৃদ্ধি কৰিব।

উল্লেখ্য যে, ৰাজস্থানৰ মুঠ বিধানসভা সমষ্টি ২০০ টা। বিগত বিধানসভা নিৰ্বাচনত ইয়াত ১৯৯ খন আসনত নিৰ্বাচন অনুষ্ঠিত হৈছিল। নিৰ্বাচনৰ মাত্ৰ ১০ দিন দিনৰ পূৰ্বে কংগ্ৰেছৰ প্ৰাৰ্থী গুৰমিত সিং কুনাৰৰ আকস্মিক মৃত্যু হোৱাৰ ফলত কৰণপুৰৰ নিৰ্বাচন স্থগিত ৰখা হৈছিল।

এই সমষ্টিতে অনুষ্ঠিত হোৱা উপ নিৰ্বাচনত মৃত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ পুত্ৰ ৰূপিন্দৰ সিং কুনাৰে প্ৰতিদ্বন্দিতা কৰিছিল। তেওঁৰ বিৰুদ্ধে আছিল বিজেপিৰ মন্ত্ৰী সুৰেন্দপাল সিং। সোমবাৰে এই সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হয়।

কংগ্ৰেছ প্ৰাৰ্থী ৰূপিন্দৰ সিং কুনাৰে ভোটৰ ফলাফলত মুঠ ভোট লাভ কৰে ৯৪,৯৫০ টা। তেওঁ গেৰুৱা প্ৰাৰ্থী সুৰেন্দ্ৰপাল সিঙক ১১,২৮৪ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে। ইয়াৰ পিছতে অশোক গেহলটে ৰূপিন্দৰক অভিনন্দন জ্ঞাপন কৰিছে।

তেওঁ কয়, কৰণপুৰৰ জনতাই বিজেপিৰ অহংকাৰ শেষ কৰি দিছে। উচিত শিক্ষা দিছে ভোটাৰে। ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ দাবী নিৰ্বাচনত বিজেপিৰ এজন মন্ত্ৰীক কেন্দ্ৰ কৰি বিজেপিয়ে সকলো নিৰ্বাচনী আচৰণবিধি ভংগ কৰিছিল। সেয়ে জনতাই তেওঁলোকক তাৰ উত্তৰ দিছে।

এই বিজয়ৰ লগে লগে ৰাজস্থান বিধানসভাত কংগ্ৰেছৰ আসনৰ সংখ্যা বৃদ্ধি পালে ৭০ খনলৈ। বিজেপিৰ আসন ১১৫ খন। আনহাতে নিৰ্বাচনত পৰাজিত মন্ত্ৰী সুৰেন্দ্ৰপাল সিঙে পদত্যাগ কৰিছে।