কলকাতাত হত্যাৰ বলি হোৱা চিকিৎসৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ... 
ৰাষ্ট্ৰীয়

কলকাতাত হত্যাৰ বলি হোৱা চিকিৎসৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ হাস্পতালত সংঘটিত হোৱা যৌন নিৰ্যাতন আৰু হত্যাকাণ্ডৰ প্ৰতিবাদ অব্যাহত থকাৰ মাজতে পোহৰলৈ আহিছে ভুক্তভোগীৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন। এই মৰণোত্তৰ প্ৰতিবেদনত ভুক্তভোগীৰ দেহৰ বিভিন্ন অংশত একাধিক আঘাতৰ চিন থকাৰ কথা উল্লেখ আছে।

প্ৰতিবেদনত উল্লেখ কৰা মতে ভুক্তভোগীক শ্বাসৰুদ্ধ কৰি হত্যা কৰা হৈছিল। এই প্ৰতিবেদন অনুসৰি ভুক্তভোগীৰ মূৰ, গাল, ওঁঠ, নাক, সোঁ হাত, থুঁতৰি, ডিঙি, বাওঁ বাহু, বাওঁ কান্ধ, বাওঁ আঁঠু, গোৰোহা আৰু যৌনাঙ্গত আঘাতৰ চিন পোৱা গৈছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত এইটোও কোৱা হৈছে যে মৃত চিকিৎসকগৰাকীৰ হাঁওফাঁওতো ৰক্তক্ষৰণ হৈছিল।

তাৰোপৰি শৰীৰৰ আন অংশতো তেজ গোট খাইছিল। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত মৃত চিকিৎসকগৰাকীৰ ওপৰত হোৱা যৌন নিৰ্যাতনৰ প্ৰমাণ পোৱা গৈছে। তেওঁৰ শৰীৰ বাহিৰৰ ১৬ টা অংশত আৰু ভিতৰৰ ৮ টা অংশত আঘাতৰ চিন আছে।

সামাজিক মাধ্যমত চৰ্চা লাভ কৰি থকাৰ দৰে তেওঁৰ অৱশ্যে হাত, ভৰি ভঙাৰ কোনো কথা এই প্ৰতিবেদনত উল্লেখ কৰা হোৱা নাই। উল্লেখ্য যে, আৰ জি কৰ মেডিকেল কলেজ হাস্পতালত সংঘটিত হোৱা এই ঘটনাৰ তদন্ত চি বি আইয়ে কৰি আছে। তাৰোপৰি উচ্চতম ন্যায়ালয়ে ঘটনাৰ গুৰুত্ব উপলব্ধি কৰি নিজাববীয়া এক গোচৰ ৰুজু কৰিছে। মঙ্গলবাৰে এই গোচৰৰ শুনানি আৰম্ভ হ'ব।