ৰাষ্ট্ৰীয়

মন্দিৰ দৰ্শনৰ পাছতেই ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীয়ে ক'লে 'গৰ্বিত হিন্দু' হোৱাৰ অৰ্থ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ জি-২০ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ বাবে ভাৰত ভ্ৰমণত আছে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি চুনাক। পত্নীৰ সৈতে শনিবাৰে ভাৰতত উপস্থিত হোৱা প্ৰধানমন্ত্ৰীগৰাকীয়ে দেওবাৰে মন্দিৰ দৰ্শন কৰে।

দেওবাৰে পুৱা ৬.৩০ বজাত পত্নী অক্ষতা মূৰ্তিৰ সৈতে নতুন দিল্লীৰ অক্ষৰধাম মন্দিৰত উপস্থিত হয়। এই সময়চোৱাত তেওঁলোকে মন্দিৰত পূজা-অৰ্চনা কৰে।

মন্দিৰ দৰ্শনৰ সময়ত মন্দিৰৰ পূজাৰীয়ে ঋষি চুনক আৰু তেওঁৰ পত্নী অক্ষতা মূৰ্তিক ১০০ একৰৰ পৰিসৰৰ আধ্যাত্মিক আৰু সাংস্কৃতিক স্বামীনাৰায়ণ অক্ষৰধাম মন্দিৰ দেখুৱায়। দুই পতি-পত্নীয়ে মন্দিৰত প্ৰায় ৪০ মিনিট সময় অতিবাহিত কৰে।

ঋষি চুনকৰ অক্ষৰধাম মন্দিৰ ভ্ৰমণৰ ফটোৰ সৈতে তেওঁৰ বক্তব্য ব্ৰিটিছ হাই কমিছনে (ভাৰত) সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে। তেওঁ কয় যে " মোৰ ভাৰতীয় শিপা আৰু ভাৰতৰ সৈতে মোৰ সম্পৰ্কৰ বাবে যথেষ্ট গৌৰৱান্বিত। এজন গৌৰৱান্বিত হিন্দু হোৱাৰ অৰ্থ হৈছে ভাৰত আৰু ভাৰতৰ জনসাধাৰণৰ সৈতে মোৰ সদায় সম্পৰ্ক থাকিব।" এয়া প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰথমটো আনুষ্ঠানিক ভ্ৰমণ আছিল।

উল্লেখ্য যে, কনজাৰ্ভেটিভ পাৰ্টিৰ ৪৩ বছৰীয়া নেতা ঋষি চুনাক প্ৰথমবাৰৰ বাবে ২০১৫ চনত সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। ২০২০ চনৰ ফেব্ৰুৱাৰীত তেতিয়াৰ ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনে তেওঁক বিত্ত মন্ত্ৰী বা ৰাজকোষৰ উপাচাৰ্য হিচাপে নিযুক্ত কৰিছিল। ইয়াৰ পিছত যোৱা বছৰ ঋষি চুনাকে ভাৰতীয় মূলৰ প্ৰথম ব্ৰিটিছ প্ৰধানমন্ত্ৰী হৈ ইতিহাস সৃষ্টি কৰিছিল।