ৰাষ্ট্ৰীয়

চত্তিশগড়ত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে নিহত শিশু সহ ৮জন

Asomiya Pratidin

ডিজিটেল ডেস্কঃ চত্তিশগড়ৰ বেমেতাৰা জিলাত দেওবাৰে নিশা এক ভয়াৱহ দুৰ্ঘটনা সংঘটিত হয়। পথ দুর্ঘটনাটোত ৮ গৰাকী লোক নিহত হোৱাৰ লগতে ২১ গৰাকী আহত হয়।

জানিব পৰা মতে ৩০গৰাকী লোকে এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি ওভতাৰ সময়ত বাহনখনে কাঠিয়া গাঁৱৰ সমীপত আন এখন বাহন খুন্দা মাৰে। ৫গৰাকী মহিলা আৰু ৩শিশুকে ধৰি ৮গৰাকী লোকৰ ঘটনাস্থলীতে মৃত্যু হয়।

আনহাতে গুৰুতৰভাৱে আহত ৪গৰাকী লোকক ৰায়পুৰৰ সৰ্বভাৰতীয় আয়ুবিজ্ঞান প্রতিষ্ঠানত ভর্তি কৰোৱা হয়। আনহাতে আন কেইগৰাকী আহত লোকক বেমেতাৰা জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।