ৰাষ্ট্ৰীয়

পুনেত নাবালকৰ গাড়ীৰ খুন্দাত নিহত দুজন আই টি ইঞ্জিনিয়াৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ পুনেৰ কল্যাণীনগৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ পথ দুৰ্ঘটনা । শনিবাৰে মাজনিশা কল্যাণীনগৰত এজন ১৭বছৰীয়া কিশোৰে তীব্ৰবেগেৰে গাড়ী চলাই এখন বাইকক মহতিয়াই নিয়ে ৷ ফলত দুজন বাইক আৰোহী থিতাতে মৃত্যু হয় ।

নিহত বাইক আৰোহী দুজন আই টি ইঞ্জিনিয়াৰ অনিশ আৱাধিয়া আৰু অশ্বিনী কোষ্টা। এটা গেট টুগেদাৰ অনুষ্ঠানৰ পৰা উভতি আহি থকা অৱস্থাত মাজনিশা প্ৰায় ২:১৫ বজাত তেওঁলোকৰ বাইকখন পিছফালৰ পৰা তীব্ৰবেগী পৰ্ছে গাড়ীখনে খুন্দা মৰাৰ ফলত দুয়ো থিতাতে নিহত হয়।

উল্লেখযোগ্য যে পুনেৰ আৰক্ষী আয়ুক্ত অমিতেশ কুমাৰে জনোৱা মতে, গাড়ী চলাই অহা নাবালকজনে এটা স্থানীয় পাবত মদ্যপান কৰি গাড়ী চলাইছিল। তেওঁ মদ্যপান কৰা পাবখনৰ মালিকৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰিছে। আৰক্ষীয়ে কিশোৰ ন্যায় আইনৰ ৭৫ আৰু ৭৭ ধাৰাত ল’ৰাটোৰ পিতৃৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে।

পুনেৰ এই হিট এণ্ড ৰাণ গোচৰত জুভেনাইল আদালতে অভিযুক্ত নাবালকক ১৫ঘন্টাৰ পিছতেই জামিন প্ৰদান কৰে। কিন্তু ইয়াৰ বিৰুদ্ধে সত্ৰ আদালতত আবেদন দাখিল কৰাৰ কথা উল্লেখ কৰিছে পুনেৰ আৰক্ষী আয়ুক্তজনে ।