ৰাষ্ট্ৰীয়

বিয়ালৈ গৈ থকাৰ পথতে দুৰ্ঘটনাঃনিহত ৭ জন, আহত...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অন্ধপ্ৰদেশত মঙলবাৰে সংঘটিত হৈছে শোকাবহ পথ দুৰ্ঘটনা । ৰাজ্যখনৰ প্ৰকাশম জিলাৰ দৰ্চীত সংঘটিত হয় এই দুৰ্ঘটনা । দুৰ্ঘটনাৰ ফলত শিশুসহ ৭জন লোকৰ মৃত্যু হয় আৰু ২৯ জন লোক গুৰুতৰভাৱে আহত হৈছে ।

আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।জানিব পৰা মতে দুৰ্ঘটনাত পতিত বাছখনত মুঠ ৪৭ জন যাত্ৰী আছিল । এই বাছখন বিবাহ যাত্ৰী আছিল বুলি জানিব পৰা গৈছে ।

বাছখনে মঙলবাৰে পুৱতি নিশা পোডিলিৰ পৰা কাকিনাডালৈ গৈ থকাৰ সময়তে দুৰ্ঘটনাত পতিত হয় । প্ৰত্যক্ষদৰ্শীসকলৰ মতে দুৰ্ঘটনাত পতিত বাছখনে অন্য এখন বাহনৰ সৈতে মুখামুখি সংঘৰ্ষৰ পৰা বাচিবলৈ চেষ্টা কৰাৰ ফলতেই নিয়ন্ত্ৰণ হেৰুৱাই পেলায় ।যাৰ ফলত বাছখনে নাগৰজোনা চেনেলৰ ৰাইট কেনেলত বাগৰি পৰে ।

এই শোকাবহ বাছ দুৰ্ঘটনাক লৈ অন্ধ প্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাইএছ জগন মোহন ৰেড্ডীয়ে শোক প্ৰকাশ কৰিছে । লগতে আহত সকলৰ যাৱতীয় চিকিৎসা প্ৰদানৰ নিৰ্দেশ প্ৰদান কৰিছে ।