ৰাষ্ট্ৰীয়

দেশত পথ দুৰ্ঘটনাৰ সংখ্যা ১২% বৃদ্ধি, তীব্ৰ বেগ মূল কাৰণঃ পৰিবহন মন্ত্ৰালয়ৰ তথ্য

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দেশত পথ দুৰ্ঘটনাৰ সংখ্যা পূৰ্বতকৈ বৃদ্ধি পাইছে। যোৱা বৰ্ষৰ তুলনাত প্ৰায় ১২ শতাংশ বৃদ্ধি পাইছে পথ দুৰ্ঘটনাৰ সংখ্যা। এই তথ্য অতিকে উদ্বেগজনক। তথ্য অনুসৰি এই পথ দুৰ্ঘটনাৰ বেছিভাগৰ মূল কাৰণ হৈছে তীব্ৰ বেগ।

২০২২ চনত দেশত মুঠ ৪,৬১,৩১২ টা পথ দুৰ্ঘটনা সংঘটিত হৈছিল। ২০২১ চনত ইয়াৰ সংখ্যা আছিল ৪,১২,৪৩২ জন। অৰ্থাৎ পূৰ্বৰ তুলনাত ১১.৯ শতাংশ বৃদ্ধি হৈছে পথ দুৰ্ঘটনা। এই তথ্য পৰিবহন মন্ত্ৰালয়ে প্ৰকাশ কৰিছে।

যোৱা বছৰ পথ দুৰ্ঘটনাত ১,৬৮,৪৯১ জন লোকৰ মৃত্যু হৈছিল আৰু আহত হৈছিল ৪,৪৩,৩৬৬ জন। ২০২১ চনৰ তুলনাত মৃত্যুৰ সংখ্যা ৯.৪ শতাংশ আৰু আহতৰ সংখ্যা ১৫.৩ শতাংশ বৃদ্ধি পাইছে।

২০২২ চনত ৩.৩ লাখতকৈ অধিক পথ দুৰ্ঘটনাৰ কাৰণ তীব্ৰ বেগ। আনহাতে বাকী পথ দুৰ্ঘটনা সমূহৰ কাৰণ- সুৰাপান কৰি গাড়ী চলোৱা, যান-বাহন নিয়ম উলংঘন আদি।

প্ৰতিবেদন অনুসৰি ২০২২ চনত যান-বাহন নিয়ম উলংঘন শ্ৰেণীৰ অধীনত অত্যাধিক দ্ৰুত গতিৰ (৭১.২শতাংশ) ফলত সৰ্বাধিক মৃত্যু হৈছিল। ভুলকৈ গাড়ী চলোৱাৰ বাবে (৫.৪ শতাংশ) লোকৰ মৃত্যু হৈছিল।

আনহাতে সুৰাপান কৰি গাড়ী চলোৱাৰ ফলত ১০,০০০ ৰো অধিক দুৰ্ঘটনা সংঘটিত হৈছিল। ইয়াৰোপৰি ৰঙা লাইটৰ নিয়ম উলংঘন কৰাৰ বাবে হোৱা দুৰ্ঘটনাৰ সংখ্যাও বৃদ্ধি পাইছে।

তথ্যত কোৱা হৈছে যে ২০২২ চনত বাইক দুৰ্ঘটনাত ৫০,০০০তকৈ আধিক লোকৰ মৃত্যু হৈছিল। এই বৰ্ষটোত হেলমেট পৰিধান নকৰি মৃত্যু হোৱা লোকৰ সংখ্যা ৫০,০২৯ গৰাকী। ইয়াত চালক আৰু আৰোহী অন্তৰ্ভুক্ত আছে। আনহাতে গাড়ীত চীটবেল্ট পৰিধান নকৰি মৃত্যু হোৱাৰ লোকৰ সংখ্যা প্ৰায় ১৬,৭১৫জন।