কৰুণ ঘটনাঃ পথ দুৰ্ঘটনাত ৯ টাকৈ শিশুসহ ১২ জনৰ প্ৰাণহানি... 
ৰাষ্ট্ৰীয়

কৰুণ ঘটনাঃ পথ দুৰ্ঘটনাত ৯ টাকৈ শিশুসহ ১২ জনৰ প্ৰাণহানি...

ৰাজস্থানৰ ঢোলপুৰত সংঘটিত হৈছে এই ভয়াৱহ দুৰ্ঘটনা

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দেশত পুনৰ সংঘটিত হৈছে এক ভয়াৱহ পথ দুৰ্ঘটনা। এই কৰুণ ঘটনাত ৯ টাকি শিশুসহ ১২ জন লোকে প্ৰাণ হেৰুৱাইছে। ৰাজস্থানৰ ঢোলপুৰত শুকুৰবাৰে নিশা প্ৰায় ১১ বজাত সংঘটিত হয় এই পথ দুৰ্ঘটনা।

এখন যাত্ৰীবাহী বাছ আৰু টেম্পোৰ মাজত হোৱা সংঘৰ্ষৰ ফলতে এই কৰুণ পথ দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে ঢোলপুৰৰ বাড়ি সদৰ থানাৰ অন্তৰ্গত চুনিপুৰ গাঁৱত সংঘটিত হয় এই দুৰ্ঘটনা। ইয়াৰ পাছতেই সমগ্ৰ অঞ্চলটোত হুলস্থুলীয়া পৰিবেশৰো সূচনা হয়।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছত স্থানীয় লোকৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত উপস্থিত হয় স্থানীয় আৰক্ষীয়ে। আৰক্ষীয়ে দুৰ্ঘটনাস্থলীৰ পৰা নিহত শিশুসহ ১২ গৰাকী লোকৰে মৃতদেহ উদ্ধাৰ কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

তাৰোপৰি এই দুৰ্ঘটনাত আহত হোৱা আন ৩ গৰাকী লোকক ঢোলপুৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। স্থানীয় আৰক্ষীয়ে জনোৱা মতে দুৰ্ঘটনাত নিহত লোকসকল বাড়ি চহৰৰ কৰিম কলনিৰ বাসিন্দা। তেওঁলোকে বাৰাউলি গাঁৱত এক পাৰিবাৰিক অনুষ্ঠানত অংশগ্ৰহণ কৰি ঘূৰি অহাৰ পথতে এই দুৰ্ঘটনাৰ সন্মুখীন হয়।

আৰক্ষীয়ে জনোৱা মতে বাছখনৰ চালক আৰু পৰিচালকো এই দুৰ্ঘটনাত আহত হৈছে। তেওঁলোকে বাছ আৰু টেম্পোখন জব্দ কৰিছে। অৱশ্যে কাৰ ভুলৰ বাবে এই দুৰ্ঘটনা সংঘটিত হয় সেই কথা এতিয়াও জানিব পৰা হোৱা নাই। আৰক্ষীয়ে এই সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত।