পথ দুৰ্ঘটনাত ১৮ জনৰ কৰুণ মৃত্যুঃ কেইবাজনো আহত... 
ৰাষ্ট্ৰীয়

পথ দুৰ্ঘটনাত ১৮ জনৰ কৰুণ মৃত্যুঃ কেইবাজনো আহত...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ছত্তিশগড়ৰ কাৱাৰধা জিলাত আজি এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এই দুৰ্ঘটনাত ১৮ জনকৈ লোক নিহত হৈছে। আনহাতে আহত হৈছে আন কেইবাজনো লোক।

প্ৰকাশিত খবৰ মতে দুৰ্ঘটনাত নিহত আটাইসকল লোক আছিল শ্ৰমিক। তেওঁলোকক কঢ়িয়াই নিয়া এখন পিকআপ ভান নিয়ন্ত্ৰণহীন হৈ বাগৰি পৰাৰ ফলতে এই কৰুণ ঘটনা সংঘটিত হয়।

এই দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে স্থানীয় লোকসকলে আৰক্ষীক খবৰ দিয়ে আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে। স্থানীয় আৰক্ষীয়েও ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় লোকৰ সহয়াত আহতসকলক হাস্পতাললৈ প্ৰেৰণ কৰে আৰু নিহত আটাইৰে নিথৰ দেহো উদ্ধাৰ কৰে।

বাতৰি লিখাৰ সময়লৈকে নিহতসকলৰ কোনো পৰিচয় উদ্ধাৰ হোৱা নাই। সকলো মৃতদেহ আৰক্ষীয়ে স্থানীয় চৰকাৰী হাস্পতাললৈ প্ৰেৰণ কৰিছে আৰু তাতেই মৰণোত্তৰ পৰীক্ষা সম্পন্ন হ’ব।

প্ৰাৰম্ভিক তথ্য অনুসৰি জিলাখনৰ কুকদুৰ আৰক্ষী থানা এলেকাত এই দুৰ্ঘটনা সংঘটিত হৈছে। দুৰ্ঘটনাৰ সময়ত পিকআপ ভানখনত ২২ জনৰো অধিক লোক আছিল। তেওঁলোকে টেণ্ডু পাত চিঙিবলৈ গৈছিল।এই টেণ্ডু পাতৰ পৰা বিড়ি তৈয়াৰ কৰা হয়।

পাত চিঙি ঘূৰি অহাৰ পথতে বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা প্ৰায় ২০ ফুট তললৈ বাগৰি পৰে। ফলত এই কৰুণ দুৰ্ঘটনাৰ সন্মুখীন হয়। স্থানীয় লোকৰ ভাষ্য অনুসৰি এই লোকসকল কুকদুৰ আৰক্ষী থানাৰে অন্তৰ্গত বাহপানী গাঁৱৰ বাসিন্দা।  আৰক্ষীৰ মতে নিহত ১৮ জনৰ ভিতৰত ১৬ গৰাকীয়েই মহিলা আৰু দুনজ পুৰুষ। এইসকলো আদিবাসী লোক।

ইফালে এই দুৰ্ঘটনাৰ সন্দৰ্ভত এক্স হেণ্ডলত ছত্তিশড়ৰ উপ-মুখ্যমন্ত্ৰী বিজয় শৰ্মাই এই দুৰ্ঘটনাত হৃদয় বিদাৰক আখ্যা দি মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। লগতে তেওঁ আহতসকলৰো দ্ৰুত আৰোগ্য কামনা কৰিছে। ৰাজ্য চৰকাৰে স্থানীয় প্ৰশাসনৰ সহয়াত আটাইৰে পৰিয়ালক সকলোধৰণৰ সহায়, সহযোগিতাৰ আশ্বাস প্ৰদান কৰিছে।