ৰাষ্ট্ৰীয়

''হিন্দু ধৰ্মত জাতিৰ ধাৰণা সংবেদনশীল, নিৰ্বাচনী ইছ্যুৰ বাবে নহওক জাতি গণনা''- আৰ এছ এছ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ''জাতিগত জন গণনা কেৱল ৰাজনৈতিক লাভালাভৰ বাবে কৰিব নালাগে। হিন্দু ধৰ্মত জাতিগত দিশটো সংবেদনশীল বিষয়। নিৰ্বাচনৰ বিষয়টোৰ উৰ্ধত গৈ এই সন্দৰ্ভত বিচাৰ কৰিব লাগে। কাৰোবাৰ প্ৰগতিৰ বাবে যদি জাতিগত জন গণনা জৰুৰী তেন্তে জাতিগত জণ গণনা হওঁক কিন্তু কেৱল নিৰ্বাচনী লাভৰ বাবে এনে গণনা হোৱা উচিত নহয়।''

দেশত বিৰোধী ৰাজনৈতিক দল কংগ্ৰেছে সৱল যুক্তিৰে জাতিগত জন গণনাৰ সন্দৰ্ভত এক জনমত গঠন কৰিবলৈ চেষ্টা অব্যাহত ৰখাৰ সময়তে এই মন্তব্য ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ চমুকৈ আৰ এছ এছৰ প্ৰচাৰ প্ৰমুখ তথা বিশিষ্ট চিন্তাবিদ সুনীল আম্বেদকাৰে। পালাক্কাডত অনুষ্ঠিত হোৱা হিন্দুত্ববাদী সংগঠনটোৰ তিনিদিনীয়া সমন্বয় বৈঠকৰ প্ৰথম দিনটোত সংবাদ মেল সম্বোধন কৰি আৰ এছ এছ নেতাগৰাকীয়ে এইদৰে কয়।

সংবাদ মেলত তেওঁ কয়, জাতিগত লোকপিয়ল অতি সংবেদনশীল বিষয়। ই সমাজৰ একতা আৰু অখণ্ডতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰে। এই বিষয়ে পঞ্চ পৰিবৰ্তনত আলোচনা কৰা হৈছিল। আমি সম্প্ৰীতিৰ বাবে বৃহৎ পৰিসৰত কাম কৰিম। আমাৰ সমাজত জাতিগত জন গণনাৰ বিষয়টো সংবেদনশীল। জাতিগত জন গণনাক নিৰ্বাচনী প্ৰচাৰ আৰু নিৰ্বাচনী উদ্দেশ্যত ব্যৱহাৰ কৰিব নালাগে। কিন্তু কল্যাণমূলক উদ্দেশ্যৰ বাবে বিশেষকৈ দলিতসকলৰ সংখ্যা জানিবলৈ তেওঁলোকৰ সংখ্যা হিচাপ কৰিব পাৰে।

আৰ এছ এছৰ ফালৰ পৰা জাতিগত জন গণনাৰ বিষয়টোক লৈ আনুষ্ঠানিক ভাৱে এই মন্তব্য কৰাৰ পাছতে এতিয়া কংগ্ৰেছে উভতি ধৰিছে। কংগ্ৰেছে অভিযোগ কৰি কয় যে, আৰ এছ এছে জাতিগত জন গণনাক স্পষ্টকৈ বিৰোধিতা কৰিছে।

কংগ্ৰেছে আৰ এছ এছৰ আনুষ্ঠানিক মন্তব্যৰ বিৰোধিতাৰে কয়, তেওঁলোকৰ মতে জাতিগত জনগণনা সমাজৰ বাবে উচিত নহয়। এই মন্তব্যতে স্পষ্ট হয় বিজেপি আৰু আৰ এছ এছে জাতিগত জন গণনা কৰিবলৈ নিবিচাৰে। তেওঁলোকে দলিতসকলক, পিছপৰাসকলক আৰু আদিবাসীসকলক তেওঁলোকৰ অধিকাৰ দিবলৈ নিবিচাৰে। কিন্তু লিখি ৰাখক, জাতিগত জনগণনা হ'ব, কংগ্ৰেছে এই গণনা কৰিব।

উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ পূৰ্বৰে পৰা কংগ্ৰেছে সমগ্ৰ দেশত জাতিগত জনগণনা কৰাৰ দাবি উত্থাপন কৰি আহিছে। কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে কংগ্ৰেছ ক্ষমতালৈ আহিলে অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী অৰ্থাত অ' বি চিৰ বাবে ৫০ শতাংশ আসন সংৰক্ষণৰ কৰাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে।

জাতিগত জনগণনাৰ সপক্ষে যুক্তি দি কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে কৈ আহিছে দেশত আজিও দলিত, অ' বি চি আদি শ্ৰেণীৰ লোকসকলে উচিত প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আহিছে। দেশৰ সম্পদ, শীৰ্ষ পদবী আদিত দলিত, অ' বি চি আদি শ্ৰেণীৰ লোকৰ উপস্থিতি নাই। সেয়ে সকলোৰে সমান অধিকাৰৰ বাবে জাতিগত জনগণনাৰ প্ৰয়োজন। এই গণনা অবিহনে ভাৰতৰ বাস্তৱিক পৰিস্থিতিৰ ওপৰত নীতি তৈয়াৰ কৰাটো অসম্ভৱ। সেয়ে দেশত কিমান দলিত, অ' বি চি, আদিবাসী, মহিলা, সাধাৰণ জাতিৰ লোক আছে তাৰ তথ্য লাগে।