ৰাষ্ট্ৰীয়

মণিপুৰক লৈ চিন্তিত RSS: মোডী চৰকাৰক ব্যৱস্থা গ্ৰহণৰ আহ্বান মোহন ভাগৱতৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ পাছতে নৰেন্দ্ৰ মোডী শাসকীয় চৰকাৰখনক পৰামৰ্শ প্ৰদান কৰিছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই। সোমবাৰে কেন্দ্ৰীয় মন্ত্ৰীসভাত বিভাগসমূহ বিতৰণৰ সময়ছোৱাতে সংঘৰ মুৰব্বী মোহন ভাগৱতে চৰকাৰক সম্বোধন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ পৰামৰ্শ প্ৰদান কৰে।

এবছৰৰ পাছতো মণিপুৰত শান্তি স্থাপন নোহোৱাক লৈ উদ্বেগ প্ৰকাশ কৰে ভাগৱতে। মোডী চৰকাৰক পৰামৰ্শ দি ভাগৱতে কয় যে হিংসাত জৰ্জৰিত মণিপুৰৰ পৰিস্থিতিক অগ্ৰাধিকাৰ দি এই বিষয়ত বিবেচনা কৰা উচিত।

ভাগৱতে কয় যে, নিৰ্বাচনী বাক্যবাণৰ পৰা আঁতৰি থাকি দেশে সন্মুখীন হোৱা সমস্যাসমূহৰ ওপৰত গুৰুত্ব দিয়াটো প্ৰয়োজন। মণিপুৰে বিগত এবছৰ ধৰি শান্তি স্থাপনৰ বাবে অপেক্ষা কৰি আছে। ১০ বছৰ আগতে মণিপুৰত শান্তি আছিল। এনে লাগিছিল যেন ৰাজ্যখনত বন্দুকৰ সংস্কৃতি শেষ হৈ গ’ল, কিন্তু হঠাৎ মণিপুৰত হিংসাত্মক পৰিস্থিতি বৃদ্ধি পাইছে।

সেয়ে মণিপুৰৰ পৰিস্থিতিক অগ্ৰাধিকাৰ দি সেই সন্দৰ্ভত বিবেচনা কৰিব লাগিব বুলি কয় আৰ এছ এছ প্ৰধান গৰাকীয়ে। লগতে তেওঁ কয় যে, উচটনিৰ ফলত অশান্তিৰ সৃষ্টি হৈছিল, ফলস্বৰূপে মণিপুৰ জ্বলি আছে আৰু এই উত্তাপৰ সন্মুখীন হৈছে ৰাইজ।

বিগত বৰ্ষৰ মে’ মাহত মণিপুৰৰ মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছিল। ঘটনাত প্ৰায় ২০০ জন লোক নিহত হোৱাৰ বিপৰীতে ব্যাপক অগ্নিসংযোগৰ ফলত হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰিছে। এই অগ্নিকাণ্ডত ঘৰ-দুৱাৰ আৰু চৰকাৰী ভৱন জ্বলি ছাই হ'ল। কিছুদিনৰ পৰা পুনৰ জিৰিবামত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ খবৰ আহিছে। সেয়ে মোডী চৰকাৰক শীঘ্ৰে মণিপুৰক লৈ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাই আৰ এছ এছ প্ৰধান গৰাকীয়ে।