ৰাষ্ট্ৰীয়

সুৰা কেলেংকাৰী! আপৰ সাংসদৰ বাসগৃহত ইডিৰ অভিযান

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বুধবাৰে পুৱাই আপৰ সাংসদৰ বাসগৃহত তালাচী চলিল ইডিৰ। দিল্লীৰ সুৰা নীতিৰ গোচৰৰ সন্দৰ্ভত আম আদমী পাৰ্টীৰ নেতা তথা সাংসদ সঞ্জয় সিঙৰ ঘৰত ইডিয়ে তালাচী চলাই আছে।

ইডিৰ দলটো সিঙৰ বাসগৃহত পুৱা ৭ বজাত উপস্থিত হৈছিল। সুৰা কেলেংকাৰীত ইডিৰ চাৰ্ট শ্বীটত সঞ্জয় সিঙৰ নাম ৩ টা স্থানত আছে বুলি জানিব পৰা গৈছে।

ইয়াৰ পূৰ্বে ইডিয়ে বহুলোকৰ ঘৰত তালাচী চলাইছিল। তাৰ ভিতৰত আছিল সিঙৰ ঘনিষ্ঠ অজিত ত্যাগী আৰু অন্যান্য ব্যৱসায়ী-ঠিকাদাৰ। এই লোকসকলে সুৰা কেলেংকাৰীৰ দ্বাৰা লাভান্বিত হৈছে বুলি অভিযোগ আছে। উল্লেখ্য যে, এই সুৰা কেলেংকাৰীৰ গোচৰত চিবিআইয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছিল দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনিষ ছিচদিয়াক।

বৰ্তমান সময়তো আপৰ নেতাগৰাকীৰ ঘৰত তালাচী চলি আছে। গতিকে পৰৱৰ্তী সময়তহে জানিব পৰা যাব ইডিয়ে সাংসদ গৰাকীৰ ঘৰৰ পৰা কিবা তথ্য লাভ কৰে নে নাই।