SBIয়ে দাখিল কৰা ইলেক্ট্ৰৰেল বণ্ডৰ তথ্যত আছে কি? চাওঁক সবিশেষ... 
ৰাষ্ট্ৰীয়

SBIয়ে দাখিল কৰা ইলেক্ট্ৰৰেল বণ্ডৰ তথ্যত আছে কি? চাওঁক সবিশেষ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ভাৰতীয় ষ্টেট বেংকে বুধবাৰে দেশৰ উচ্চতম ন্যায়ালয়ক অৱগত কৰিছে ন্যায়ালয়ৰ আদেশ অনুসৰি নিৰ্বাচন আয়োগক ইলেক্ট্ৰৰেল বণ্ডৰ সবিশেষ তথ্য দাখিল কৰিছে। এছ বি আইৰ অধ্যক্ষগৰাকীয়ে কয় যে, নিৰ্বাচন আয়োগক ইলেক্ট্ৰৰেল বণ্ড ক্ৰয় কৰাসকলৰ নামৰ লগতে কিমান বণ্ড ক্ৰয় কৰিছে তাৰ সকলো তথ্য দাখিল কৰিছে।

এছ বি আইৰ ফালৰ পৰা কোৱা হৈছে, এই বণ্ডৰ জৰিয়তে চান্দা লাভ কৰা ৰাজনৈতিক দলসমূহৰো তথ্য দিয়া হৈছে। কোনে, কিমান চান্দা দিলে আৰু তাৰ মূল্য কিমান সেই সকলো উল্লেখ আছে এছ বি আইয়ে দাখিল কৰা ইলেক্ট্ৰৰেল বণ্ডৰ সবিশেষ তথ্যত।

এছ বি আইয়ে দাখিল কৰা তথ্য অনুসৰি ২০১৯ ৰ পৰা ২০২৪ ৰ ১৫ ফেব্ৰুৱাৰীলৈকে ৰাজনৈতিক দলক চান্দা দিবলৈ ২২,২১৭ টা ইলেক্ট্ৰৰেল বণ্ড ক্ৰয় কৰা হৈছে। ইয়াৰে ২২,০৩০ টা বণ্ডৰ ধন ৰাজনৈতিক দলবোৰে উঠাইছে।

তথ্য অনুসৰি ১ এপ্ৰিল ২০১৯ ৰ পৰা একেটা বছৰৰ ১১ এপ্ৰিললৈকে মুঠ ৩৩৪৬ টা বণ্ড ক্ৰয় কৰিছিল। ইয়াৰে মুঠ ১৬০৯ টা বণ্ডৰ ধন উঠাইছিল ৰাজনৈতিক দলবোৰে। ১২ এপ্ৰিল, ২০১৯ ৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ ক্ৰয় কৰা ২২,২৭৭ টা ইলেক্ট্ৰৰেল বণ্ডৰ ২০,০৩০ টা বণ্ডৰ ধন উঠাইছেল ৰাজনৈতিক দলসমূহে।

উল্লেখ্য যে, এছ বি আইয়ে উচ্চতম ন্যায়ালয়ৰ কাঢ়া নিৰ্দেশত ১২ মাৰ্চ, মঙ্গলবাৰে সন্ধিয়া নিৰ্বাচন আয়োগক এইসমূহ তথ্য দাখিল কৰিছিল। ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ত এছ বি আইয়ে দাখিল কৰা এক আৱেদনৰ ওপৰত শুনানি হৈছিল।

এছ বি আইয়ে উচ্চতম ন্যায়ালয়ত আৱেদন কৰিছিল ইলেক্ট্ৰৰেল বণ্ডৰ সকলো তথ্য দাখিল কৰিবলৈ তেওঁলোকক ৩০ জুনলৈ সময় দিব লাগে। কিন্তু আদালতে এছ বি আইৰ আৱেদন নাকচ কৰি ২৪ ঘণ্টাৰ ভিতৰত সবিশেষ তথ্য দাখিল নকৰিলে এছ বি আইৰ সংশ্লিষ্ট বিষয়াৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ তৰাৰ কঠোৰ স্থিতি গ্ৰহণ কৰে।

ইয়াৰ ফলশ্ৰুতিতে এছ বি আইয়ে ইলেক্ট্ৰৰেল বণ্ডৰ সবিশেষ তথ্য নিৰ্বাচন আয়োগক ১২ মাৰ্চৰ সন্ধিয়া দাখিল কৰে। আয়োগে অহা ১৫ মাৰ্চৰ ভিতৰত এই সকলো তথ্য ৰাজহুৱা কৰিব।