চিকিৎসকৰ সুৰক্ষাৰ বাবে ৰাষ্ট্ৰীয় টাস্ক ফ'ৰ্চ গঠন উচ্চতম ন্যায়ালয়ৰ... 
ৰাষ্ট্ৰীয়

চিকিৎসকৰ সুৰক্ষাৰ বাবে ৰাষ্ট্ৰীয় টাস্ক ফ'ৰ্চ গঠন উচ্চতম ন্যায়ালয়ৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ত আজি কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ হাস্পতালৰ ঘটনাৰ শুনানি চলিছে। এই শুনানিৰ সময়তে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে যুৱতী চিকিৎসকগৰাকীৰ সৈতে সংঘটিত হোৱা ভয়াৱহ ঘটনাই সমগ্ৰ দেশতে এক ভয়াবহ পৰিবেশৰ সূচনা কৰা বুলি উল্লেখ কৰে।

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ অধ্যক্ষতাত ন্যায়াধীশ জে বি পাৰদিৱালা, ন্যায়াধীশ মনোজ মিশ্ৰৰ তিনিজনীয়া বিচাৰপীঠে গ্ৰহণ কৰা এই গোচৰৰ শুনানিতে কেৱল কলাকাতাই নহয়, হায়দৰাবাদ, আহমেদাবাদ, বিহাৰসহ আন আন ঠাইত চিকিৎসক এইদৰে আক্ৰান্ত হ’বলগীয়া হৈছে বুলিও কয়।

সেয়ে চিকিৎসকৰ সুৰক্ষাৰ সন্দৰ্ভত এই তিনিজনীয়া বিচাৰপীঠে এক ৰাষ্ট্ৰীয় টাস্ক ফ’ৰ্চ গঠনৰ নিৰ্দেশ প্ৰদান কৰিছে। এই টাস্ক ফ’ৰ্চে তিনি সপ্তাহৰ ভিতৰত তেওঁলোকৰ প্ৰতিবেদন দাখিল কৰিব লাগিব। জাতীয় টাস্ক ফ’ৰ্চৰ সদস্য হিচাপে থাকিব কেন্দ্ৰীয় সচবিসকল।

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে টাস্ক ফ’ৰ্চ গঠনৰ নিৰ্দেশ প্ৰদান কৰি এই টাস্ক ফ’ৰ্চ কিদৰে গঠন কৰা হ’ব সেয়াও ঠিক কৰি দিছে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ পৰামৰ্শ অনুসৰি ৰাষ্ট্ৰীয় টাস্ক ফ’ৰ্চৰ সদস্য হওক- ছাৰ্জন (ভাইচ এডমিৰেল) আৰ ছাৰিন,  ডাঃ ডি নাগেশ্বৰ ৰেড্ডী, ডাঃ এম শ্ৰীনিবাস, ডাঃ প্ৰতিমা মূৰ্তি, ডাঃ গোবৰ্ধন দত্ত পুৰী, ডাঃ সৌমিত্ৰ ৰাৱট ডাঃ পদ্ম শ্ৰীবাস্তৱ (নিউৰোলজিষ্ট, এইমছ),  অধ্যাপক অনিতা চাক্সেনা (এইমছৰ মুখ্য হৃদৰোগ বিশেষজ্ঞ),  অধ্যাপক পল্লৱী চাপ্ৰে (ডিন, গ্ৰাণ্ট মেডিকেল কলেজ, মুম্বাই)।

তাৰোপৰি এই ৰাষ্ট্ৰীয় টাস্ক ফ'ৰ্চৰ তত্বাৱধান কৰিব কেন্দ্ৰীয় সচিব, গৃহ সচিব, স্বাস্থ্য মন্ত্ৰালয়ৰ সচিব, ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ (এন এম চি) অধ্যক্ষ আৰু ৰাষ্ট্ৰীয় পৰীক্ষক পৰিষদৰ সভাপতিয়ে।