জম্মু-কাশ্মীৰৰ পৰা ৩৭০ ধাৰা প্ৰত্যাহাৰক লৈ আজি উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান 
ৰাষ্ট্ৰীয়

জম্মু-কাশ্মীৰৰ পৰা ৩৭০ ধাৰা প্ৰত্যাহাৰক লৈ আজি উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান

Asomiya Pratidin

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ ধাৰা প্ৰত্যাহাৰক লৈ আজি উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিব ৰায়দান। ন্যায়ালয়ে ২৩ খন আৱেদনৰ ওপৰত শুনানি গ্ৰহণ কৰি এই ৰায় প্ৰদান কৰিবলৈ সাজু হৈছে।

যোৱা ৫ ছেপ্টেম্বৰত উচ্চতম ন্যায়ালয়ে দুয়ো পক্ষৰ যুক্তি শুনি এই ৰায় সংৰক্ষিত কৰি ৰাখিছিল। উল্লেখ্য বিষয়টোক লৈ ১৬ দিন ধৰি শুনানি গ্ৰহণ কৰিছিল উচ্চতম ন্যায়ালয়ে।

আজি উচ্চতম ন্যায়ালয়ে জম্মু-কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ কেন্দ্ৰীয় চৰকাৰ সিদ্ধান্ত সাংবিধানিক হয় নে নহয় সেই বিষয়ে ৰায় প্ৰদান কৰিব। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ সঞ্জয় কিষাণ কৌল, ন্যায়াধীশ সঞ্জীৱ খান্না, ন্যায়াধীশ বি আৰ গাভাই আৰু ন্যায়াধীশ সূৰ্য কান্তৰ দ্বাৰা গঠিত বিচাৰপীঠে এই ৰায় প্ৰদান কৰিব।

বিষয়টোৰ সন্দৰ্ভত ন্যায়ালয়ত জ্যেষ্ঠ অধিবক্তা কপিল ছিবাল, গোপাল সুব্ৰমণিয়ম, দুষ্মন্ত দাভে, ৰাজীৱ ধাৱান, দিনেশ দ্বিবেদী, গোপাল শংকৰ নাৰায়ণকে ধৰি মুঠ ১৮ জন অধিবক্তাই আৱেদনকাৰীসকলৰ হৈ যুক্তি প্ৰদান কৰিছিল। আনহাতে চৰকাৰী পক্ষৰ হৈ যুক্তি প্ৰদৰ্শন কৰিছিল আৰ ভেংকটৰমণী, তুষাৰ মেহতা, হৰিশ চালভে, মহেশ জেঠমালানী, মনিন্দৰ সিং, ৰাকেশ দ্বিবেদীয়ে।