Sengol Controversy: জয়ৰাম ৰমেশে ক'লে এয়া 'হোৱাটছএপ ইউনিভাৰ্চিটি'ৰ তথ্য... 
ৰাষ্ট্ৰীয়

Sengol Controversy: জয়ৰাম ৰমেশে ক'লে এয়া 'হোৱাটছএপ ইউনিভাৰ্চিটি'ৰ তথ্য...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ নতুন সংসদ ভৱনৰ সমান্তৰালকৈ দেশত অব্যাহত আছে ছেংগুল (Sengol)ৰ বিতৰ্ক। সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু (Droupadi Murmu) ক একাষৰীয়া কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Narendra Modi)ৰ জৰিয়তে নৱ নিৰ্মিত সংসদ ভৱন শুভ উদ্বোধনৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে কেন্দ্ৰীয় চৰকাৰে।

যাৰ বাবে এতিয়া একাধিক বিৰোধী ৰাজনৈতিক দলে এই অনুষ্ঠান বৰ্জনৰ সিদ্ধান্ত লোৱাৰ সমান্তৰালকৈ কেন্দ্ৰীয় বিজেপি চৰকাৰ আৰু দলটোক সমালোচনাৰ লক্ষ্য কৰি লৈছে। তাৰ মাজতে আৰম্ভ হৈছে ছেংগুলৰ বিতৰ্ক (Sengol Controversy)।

সংসদ ভৱন উদ্বোধনী অনুষ্ঠানতে প্ৰধানমন্ত্ৰী মোডীয়ে নতুন সংসদ ভৱন (New Parliament Building) ত স্থাপন কৰিব ছেংগুল। কোৱা হৈছে, এই ছেংগুল দেশে স্বাধীনতা লাভৰ সময়ত মাউণ্টবেটেনে জৱাহৰলাল নেহৰু (Jawaharlal Nehru) ৰ হাতত ক্ষমতা হস্তান্তৰৰ প্ৰতীক হিচাপে অৰ্পণ কৰিছিল।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে (Amit Shah) এই সন্দৰ্ভত সংবাদ মেলৰ জৰিয়তে প্ৰকাশ কৰিছিল। তেওঁ উল্লেখ কৰিছিল, এই ছেংগুল তামিলনাডুৰ পণ্ডিতে প্ৰধানমন্ত্ৰী মোডীৰ হাতত অৰ্পণ কৰাৰ পাছতে তেওঁ সংসদ ভৱনত ইয়াক স্থাপন কৰিব।

লগতে এই কথাও কৈছিল যে, এই ছেংগুল ৰাজনীতিৰ উৰ্ধত। কিন্তু গৃহমন্ত্ৰীৰ এই ভাষ্যৰ পাছতে তেওঁক উভতি ধৰিছে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে (Jairam Ramesh) ।

তেওঁৰ মতে ছেংগুলৰ কোনো ঐতিহাসিক ভিত্তি নাই। এয়া 'হোৱাটছএপ ইউনিউভাৰ্চিটিৰ'হে তথ্য। তেওঁ টুইটাৰত কয় যে, মাউণ্টবেটেনে ক্ষমতা হস্তান্তৰ কৰাৰ প্ৰতীক হিচাপে ছেংগুল ব্যৱহাৰ কৰাৰ কোনো তথ্য নাই। এই সন্দৰ্ভত কৰা সকলো দাবী সহজ, সৰল- ভুৱা।

জয়ৰাম ৰমেশৰ এই মন্তব্যৰ পাছতে পুনৰ উভতি ধৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে। তেওঁ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লৈছে আৰু কংগ্ৰেছ দলটোক ভাৰতীয় পৰম্পৰা আৰু সংস্কৃতিৰ প্ৰতি ঘৃণা ভাব পোষণ কৰে বুলিও মন্তব্য কৰিছে।

অমিত শ্বাহে টুইটাৰৰ জৰিয়তে প্ৰশ্ন উত্থাপন কৰি কয়, কংগ্ৰেছ (Congress) দলে ভাৰতীয় পৰম্পৰা আৰু সংস্কৃতিক ইমান কিয় বেয়া পায়? ভাৰতৰ  স্বাধীনতাৰ প্ৰতীক হিচাপে  তামিলনাডুৰ এটা পবিত্ৰ মঠে পণ্ডিত নেহৰুক এই পবিত্ৰ ছেংগুল প্ৰদান কৰিছিল।

কিন্তু ইয়াৰ মৰ্যাদা খোজকঢ়া লাখুঁটিলৈ অৱনমন কৰি সংগ্ৰহালয়লৈ নিক্ষেপ কৰিলে। তেওঁ জয়ৰাম ৰমেশে থিৰুৱাডুথুৰাই আধিনাম মঠকো অপমানিত কৰিছে বুলি মন্তব্য কৰিছে।

তেওঁ কয়, এই মঠে স্বাধীনতাৰ সময়ত ছেংগুলৰ মহত্বৰ কথা প্ৰকাশ কৰি ইয়াক অৰ্পণ কৰিছিল। কিন্তু কংগ্ৰেছে এই ইতিহাস ভুৱা আখ্যা দিছে।

ইফালে জয়ৰাম ৰমেশে স্পষ্ট অভিযোগ কৰিছে, বিজেপিয়ে তামিলনাডুৰ ৰাজনীতিৰ প্ৰতি লক্ষ্যৰাখি ছেংগুলক এইদৰে ব্যৱহাৰ কৰিছে। প্ৰধানমন্ত্ৰী মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু তেওঁৰ সাংগো-পাংগোসকলে ইয়াৰ বিশেষত্ব সন্দৰ্ভত মনেসজা কাহিনী প্ৰচাৰ কৰিছে। এয়া কেৱল এডাল ৰাজদণ্ড। এই ৰাজদণ্ড এলাহবাদ সংগ্ৰহালয়ত প্ৰদৰ্শনৰ বাবে ৰখা হৈছে।