সোণোৱাল, আদিত্য নাথ, ৰাজনাথ সিং আদিৰ কাষত নাথাকিব NSGৰ নিৰাপত্তা 
ৰাষ্ট্ৰীয়

সোণোৱাল, আদিত্য নাথ, ৰাজনাথ সিং আদিৰ কাষত নাথাকিব NSGৰ নিৰাপত্তা

Asomiya Pratidin

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় কেবিনেটৰ সিদ্ধান্ত অনুসৰিয়েই দেশৰ ৯ গৰাকী নেতাৰ কাষৰ পৰা আঁতৰিত এন এছ জি। এই ৯ জনীয়া নেতাৰ তালিকাত আছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালো।

উল্লেখ্য যে, কেন্দ্ৰীয় কেবিনেটে শেহতীয়াকৈ ভি আই পিৰ নিৰাপত্তাৰ দায়িত্বৰ পৰা এন এছ জিক প্ৰত্যাহাৰ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্ত অনুসৰিয়েই এন এছ জিৰ Z+ নিৰাপত্তা লাভ কৰা ৯ গৰাকী নেতাৰ পৰা এই নিৰাপত্তা প্ৰত্যাহাৰ কৰা হ'ব বুলি জানিব পৰা গৈছে।

সোণোৱালৰ উপৰিও এই নেতাসকল হৈছে ক্ৰমে দেশৰ প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা, 'ভাৰত ৰত্ন' লালকৃষ্ণ আদৱানী, জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লা, উত্তৰ প্ৰদেশৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ, পূৰ্বৰ মুখ্যমন্ত্ৰী মায়াৱতী, দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা ৰমন সিং, অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু আৰু জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাম নৱী আজাদ৷

কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে শীঘ্ৰেই এইসকল নেতাক প্ৰদান কৰি অহা এন এছ জিৰ নিৰাপত্তা প্ৰত্যাহাৰ কৰিব। নৱেম্বৰ মাহৰ পৰা এইসকল নেতাৰ কাষত নেদেখিব এন এছ জিৰ নিৰাপত্তা। অৱশ্যে তেওঁলোকক চি আৰ পি এফৰ বিশেষ কামাণ্ডো বাহিনীয়ে Z+ নিৰাপত্তা প্ৰদান কৰিব।