ৰাষ্ট্ৰীয়

উত্তৰ ছিকিমৰ মংগন জিলাত অব্যাহত প্ৰাকৃতিক বিপৰ্যয়ঃ ব্যাহত যোগাযোগ ব্যৱস্থা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ উত্তৰ পূৰ্বাঞ্চলৰ ক্ষুদ্ৰ ৰাজ্য ছিকিমৰ উত্তৰ প্ৰান্তত অব্যাহত আছে প্ৰকৃতিৰ তাণ্ডৱ। প্ৰচণ্ড বৰষুণৰ ফলত বানপানী কৱলত পৰা ৰাজ্যখনৰ উত্তৰ প্ৰান্তৰ মংগন জিলাৰ বিভিন্ন অঞ্চলত অব্যাহত আছে ভূমিস্খলনো।

এই পৰ্যন্ত এই প্ৰাকৃতিক বিপৰ্যয়ত ৬ জনকৈ লোকৰ মৃত্যু হোৱাৰ লগতে দুজন লোক সন্ধানহীন হৈ থকাৰ খবৰ লাভ কৰা গৈছে। আনহাতে এই জিলাখনত প্ৰায় ১৫০০ পৰ্যটক আবদ্ধ হৈ আছে।

এই পৰ্যটকসকলৰ অধিকাংশই পশ্চিম বংগৰ। তেওঁলোক মংগন জিলাৰ লাচুং আৰু চুনথাঙত আবদ্ধ হৈ আছে। এই বিপৰ্যয়ৰ সৃষ্টি কৰা তিস্তা নদীৰ পানী এতিয়াও বিপদসীমাৰ ওপৰেৰে বৈ থকাৰ উপৰিও নদীৰ পানী ১০ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি বৈ আছে। মন কৰিবলগীয়া যে এই পথটোৱে দাৰ্জিলিং, কালিমপং আৰু গেংটকৰ মাজত সংযোগ স্থাপন কৰে।

বুধবাৰৰ পৰা আৰম্ভ হৈছে বানপানী

২০২৩ ৰ অক্টোবৰত তিস্তা নদীয়ে ছিকিমত প্ৰলয়ৰ সৃষ্টি কৰিছিল। ডাৱৰ বিস্ফোৰণৰ ফলত তিস্তা নৈ উফন্দি উঠি উত্তৰ ছিকিমৰ লগতে অন্যান্য প্ৰান্তত দুৰ্ঘোৰ বিপৰ্যয়ৰ সৃষ্টি কৰিছিল।

সেই তিস্তা নদীয়েই ধাৰাসাৰ বৰষুণৰ ফলত পুনৰ বৃদ্ধি পাই যোৱা বুধবাৰৰ পৰা বানপানীৰ সৃষ্টি কৰিছে।এই বানপানীৰ সমান্তৰালকৈ সৃষ্টি হোৱা ভূমিস্খলনৰ ফলত বৃহস্পতিবাৰে জিলাখনৰ নৈপৰীয়া বহু কেইখন গাঁৱৰ কেঁচা আৰু পকা ঘৰ নৈত উটি যোৱাৰ লগতে ভূমিস্খলনত ক্ষতিগ্ৰস্ত হৈছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে যোৱা বুধবাৰে সৰ্বাধিক ২২০ মিলিমিটাৰ বৰষুণ হৈছে। তিস্তা নদীৰ উপৰিও উপনৈ ৰিমিত খোলা আৰু ৰাফাং খোলাৰো জলস্তৰ বৃদ্ধি হৈ বানপানীৰ সৃষ্টি কৰিছে।

খহিল দলং, চিঙিল পথ, আৱদ্ধ হৈ আছে ১৫০০ পৰ্যটক

অক্টোবৰৰ জল প্ৰলয়ত ক্ষতিগ্ৰস্ত হোৱা উত্তৰ ছিকিমৰ অন্যতম গুৰুত্বপূৰ্ণ হিচাপে পৰিচিত চাংকলাং দলংখন পুনৰ এই বানত খহি পৰিছে। ফলত লাচুন আৰু চুংথাঙত আৱদ্ধ হৈ আছে ১৫০০ তকৈ অধিক পৰ্যটক।

অৱশ্যে তেওঁলোক সম্পূৰ্ণ সুৰক্ষিত হৈ আছে। তেওঁলোক বিপদত পৰা নাই অথবা বিপদত পৰাৰ আশংকাও নাই। জিলাখনৰ যোগাযোগ ব্যৱস্থা সূচল হৈ পৰিলেই তেওঁলোক সুৰক্ষিতভাৱে উভতিব পাৰিব।

যিহেতু জিলাখনত ইণ্টাৰনেট সেৱা বন্ধ হৈ আছে সেয়ে মোবাইল সেৱায়েও কাম কৰা নাই। যোগাযোগ কৰিব পৰা নাই অন্যপ্ৰান্তৰ সৈতে।

বানপানী, ভূমিস্খলনত ক্ষতিগ্ৰস্ত কেইবাখনো গাঁৱৰ বহু বাসগৃহ

তিস্তা নৈয়ে সৃষ্টি কৰা বানপানীয়ে জিলাখনৰ নৈপৰীয়া গাওঁসমূহৰ উপৰিও কাষৰীয়া নগৰ কেইখনোৰো বিস্তৰ ক্ষতি কৰিছে। মংগন আৰক্ষীয়ে জনোৱা অনুসৰি ৰংৰাঙৰ কাষৰ অম্বিথাঙত তিনিজন লোক সন্ধানহীন হৈছিল। পাক্ষেপ অঞ্চলত দুজন লোক সন্ধানহীন হৈছিল।

জিলাখনৰ গেইথাং, নামপাথাং অঞ্চলত ভূমিস্খলন অব্যাহত আছে। এই ভূমিস্খলনত বহু বাসগৃহৰ ক্ষতি হোৱাই নহয় সম্পূৰ্ণৰূপে ধ্বংসও হৈছে। ব্ৰিংবং গাওঁখন সম্পূৰ্ণৰূপে নিশ্চিহ্ন হৈছে। গাওঁখনৰ লোকসকলৰ লগতে ইয়াত থকা আৰক্ষী আউটপোষ্টৰ আৰক্ষীসকলক অন্য স্থানলৈ স্থানান্তৰিত কৰা হৈছে।

বানপানীৰ কৱলত পৰিছে ছিকিমৰ মেলি ষ্টেডিয়াম। এই ষ্টেডিয়ামখন সম্পূৰ্ণৰূপে পানীত ডুব গৈছে। কালিম্পঙৰ তিস্তা বজাৰো ডুবি আছে পানীত।

ৰাজধানী গেংটকৰে বিচ্ছিন্ন মংগন

উত্তৰ ছিকিমৰ বান বিধ্বস্ত এই মংগন জিলাখনক ৰাজধানী গেংটকৰে সংযোগ কৰা মুখ্য পথটোৰ লগতে কেইবাটাও পথ বানপানীৰ ফলত চিঙিছে। ইয়াৰ ফলতে উত্তৰ ছিকিমক ৰাজধানী গেংটক আৰু দেশৰ বাকী অংশৰ পৰা বিচ্ছিন্ন কৰিছে।

তিস্তা নদীৰ পাৰত অৱস্থিত মংগন, দিখু, সিংটাম আৰু ৰংপো বজাৰৰ বাসিন্দাসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰা হৈছে। পশ্চিমবংগৰ তিস্তা বজাৰো এই বানপানীৰ কৱলত পৰিছে। তিস্তা বজাৰত পানীৰ স্তৰ বৃদ্ধি হোৱাৰ বাবে ১০ নং ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহনৰ চলাচল হ্ৰাস কৰা হৈছে।