জি+২৩ অট্টালিকাৰ ২০ নম্বৰ মহলাৰ শ্লেব খহি ৩ শ্ৰমিকৰ মৃত্যুঃ আহত কেইবাজনো 
ৰাষ্ট্ৰীয়

জি+২৩ অট্টালিকাৰ ২০ নম্বৰ মহলাৰ শ্লেব খহি ৩ শ্ৰমিকৰ মৃত্যুঃ আহত কেইবাজনো

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ মালাডত সংঘটিত হৈছে এক কৰুণ দুৰ্ঘটনা। এটা জি+২৩ অট্টালিকা নিৰ্মাণ কৰি থকাৰ সময়তে এখন শ্লেব খহি মৃত্যু হ'ল তিনিজনকৈ শ্ৰমিক। তাৰোপৰি আহত হৈছে কেইবাজনো শ্ৰমিক।

জানিব পৰা মতে নিৰ্মিয়মান জি+২৩ অট্টালিকাটোৰ ২০ নম্বৰ মহালত সংঘটিত হৈছে এই ঘটনা। ঘটনা সংঘটিত হোৱাৰ সময়ত শ্ৰমিকসকল কাম কৰাত ব্যস্ত আছিল। আহত আটইকে ভৰ্তি কৰোৱা হৈছে মালাডৰ এখন হাস্পতালত।

ঘটনা সংঘটিত হোৱাৰ পিছতে সেই স্থানত আৰক্ষী, উদ্ধাৰকাৰী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ দল গৈ উপস্থিত হৈ উদ্ধাৰ কাৰ্য চলায়। আৰক্ষীয়ে ঘটনাৰ প্ৰাৰম্ভিক তদন্তত মুঠ ৫ জন লোকৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা ১০৬(১), ১২৫ এ আৰু ১২৫ বিৰ আধাৰত গোচৰ ৰুজু কৰিছে।

গোচৰ ৰুজু হোৱা এই ৫ জন লোকৰ ভিতৰত আছে ছুপাৰভাইজাৰ, ঠিকাদাৰো। অৱশ্যে এতিয়ালৈকে আৰক্ষীয়ে কাকো গ্ৰেপ্তাৰ কৰা নাই। ঘটনাৰ তদন্ত প্ৰক্ৰিয়াহে চলি আছে।