কাৰ্গিল বিজয় দিৱসৰ পিছদিনাই LOC ত সংঘৰ্ষঃ এজন জোৱান ছহিদ, মেজৰসহ ৫ জোৱান আহত... (প্ৰতিনিধিত্বমূলক ফটো)  
ৰাষ্ট্ৰীয়

কাৰ্গিল বিজয় দিৱসৰ পিছদিনাই LOC ত সংঘৰ্ষঃ এজন জোৱান ছহিদ, মেজৰসহ ৫ জোৱান আহত...

সেনাৰ গুলীত নিহত এটা পাক সন্ত্ৰাসবাদী

Asomiya Pratidin

ডিজিটেল ডেস্কঃ কাৰ্গিল বিজয় দিৱসৰ ২৫ টা বছৰ অতিক্ৰম কৰাৰ পিছদিনাই পুনৰ কাশ্মীৰ উপত্যকাত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ আৰম্ভ হৈছে। শনিবাৰে কুপৱাৰাৰ কামকাৰি অঞ্চলৰ এল অ’ চিত সংঘটিত হোৱা সংঘৰ্ষত এজন জোৱান ছহিদ হৈছে। আনহাতে গুৰুতৰভাৱে আহত এজন মেজৰসহ পাচজন সেনা জোৱান।

ইয়াৰ বিপৰীতে সেনাৰ গুলীত এটা সন্ত্ৰাসবাদী নিহত হোৱা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, চলিত সপ্তাহত কুপৱাৰাত এয়া সেনা-সন্ত্ৰাসবাদীৰ মাজৰ দ্বিতীয়টো সংঘৰ্ষৰ ঘটনা।

শনিবাৰে পুৱাই এল অ’ চিত সংঘটিত হোৱা এই সংঘৰ্ষৰ সৈতে পাকিস্তান সেনাৰ নৰ্দাৰ্ণ লাইট ইণফেণ্ট্ৰি আৰু সন্ত্ৰাসবাদীৰ যৌথবাহিনীৰ ব’ৰ্ডাৰ একচন টীম জড়িত বুলি সেনাৰ সূত্ৰত প্ৰকাশ। মন কৰিবলগীয়া যে, পাকিস্তান অধিকৃত কাশ্মীৰত প্ৰশিক্ষণ গ্ৰহণ কৰি সন্ত্ৰাসবাদী পাক সেনাৰ এই বাহিনীৰ সহায়তে কাশ্মীৰ উপত্যকাত অনুপ্ৰৱেশ কৰি সন্ত্ৰাসবাদী কাৰ্যকলাপ সংঘটিত কৰে।

সেনাৰ সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি শুকুৰবাৰে সেনাই কুপৱাৰাৰ কামকাৰি অঞ্চলৰ এলেকাত সন্ত্ৰাসবাদীক গতিবিধিৰ খবৰ লাভ কৰিছিল। তাৰ পিছতেই আৰম্ভ হৈছিল অভিযান। এই অভিযানৰ সময়তে দুয়ো পক্ষৰ মাজত আৰম্ভ হয় সংঘৰ্ষ। ইয়াৰ পূৰ্বে যোৱা ২৪ জুলাইত কুপৱাৰাৰে লোলাব অঞ্চলত সংঘটিত হৈছিল আন এক সংঘৰ্ষৰ। এই সংঘৰ্ষত এজন জোৱান ছহিদ হৈছিল।

ভাৰতীয় সেনাৰ সূত্ৰত প্ৰকাশিত খবৰ মতে সন্ত্ৰাসবাদীয়ে ভাৰতত অনুপ্ৰৱেশ কৰাৰ সময়ত ভৌগলিক অৱস্থানৰ সন্দৰ্ভত তথ্যৰ বাবে অত্যাধুনিক জি পি এছ ব্যৱহাৰ কৰে। সেয়ে ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ ভাৰতীয় সেনায়ো অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰিছে।

ত্ৰি-স্তৰীয় সুৰক্ষা ব্যৱস্থাৰ অংশ হিচাপে ব্যৱহাৰ কৰা হৈছে লং ৰেঞ্জ তিনি-স্তৰৰ সুৰক্ষা প্ৰণালীৰ অংশ হিচাপে Long Range Reconnaissance and Observatory System ব্যৱহাৰ কৰা হৈছে। এই প্ৰযুক্তিয়ে এল অ’ চিত অনুপ্ৰৱেশ কৰা সন্ত্ৰাসবাদীৰ গতিবিধি সন্দৰ্ভত অৱগত হোৱাত সহায় কৰিছে। সেনাৰ মতে এতিয়াও ৪০ ৰ পৰা ৫০ টাকৈ সন্ত্ৰাসবাদীয়ে পাক অধিকৃত কাশ্মীৰৰ পৰা অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে।