ৰাষ্ট্ৰীয়

এইবাৰ দূৰ্গাৰ প্ৰতিমা নিৰ্মাণত ব্যৱহাৰ নহয় সোণাগাছিৰ পতিতালয়ৰ মাটি !

Asomiya Pratidin

ডিজিটেল ডেস্ক : সোণাগাছি এলেকা। দুটা কাৰণৰ বাবে বিখ্যাত কলকাতাৰ সোণাগাছি অঞ্চল। প্ৰথম হৈছে- এই অঞ্চলটোত পতিতাসকলে বাস কৰে অৰ্থাৎ দেহোপজীৱিনীসকলে বাস কৰে এই বিশেষ অঞ্চলটিত।

দ্বিতীয়তে এই সোণাগাছি অঞ্চলৰ পৰা অনা মাটিৰে মৃৎশিল্পীসকলে নিৰ্মাণ কৰে দেৱী দূৰ্গাৰ প্ৰতিমূৰ্তি। কিয়নো এই অঞ্চলৰ মাটিক শক্তিৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হয়।

অতীতৰে পৰা কলকাতাৰ সোণাগাছি অঞ্চলৰ পৰা অনা মাটিৰে শিল্পীসকলে বছৰ বছৰ ধৰি নিৰ্মাণ কৰি আহিছে দূৰ্গাৰ প্ৰতিমূৰ্তি। দেশৰ বিভিন্ন ৰাজ্য তথা বিভিন্ন প্ৰান্তৰ মৃৎশিল্পীসকলক সোণাগাছিৰ নিৰ্দিষ্ট লোকসকলে দূৰ্গাৰ প্ৰতিমা সজাৰ বাবে যোগান ধৰি আহিছে মাটিসমূহ। পিছে এইবাৰ এই অঞ্চলৰ পৰা প্ৰতিমূৰ্তি নিৰ্মাণৰ বাবে অনা নহয় মাটি।

ইয়াৰ কাৰণ হ’ল-  কিছুদিন পূৰ্বে কলকাতাৰ আৰ জি কৰ হাস্পতালত সংঘটিত হৈছিল যুৱতী চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰাৰ ঘটনা। সমগ্ৰ দেশজুৰি জোকাৰি গৈছিল এই ধৰ্ষণ তথা হত্যাকাণ্ডই। দেশৰ সকলো ক্ষেত্ৰতে চৰ্চা চলাৰ উপৰি দেশজুৰি গঢ়ি উঠিছিল প্ৰতিবাদী কাৰ্যসূচী।

গতিকে কলকাতাৰ উক্ত নাৰকীয় ঘটনাৰ প্ৰতিবাদত এইবাৰ সোণাগাছিৰ পতিতাসকলে আসন্ন দূৰ্গা পূজাত প্ৰতিমা নিৰ্মাণত ব্যৱহৃত মাটি নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৱশ্যে তেঁওলোকৰ এই সিদ্ধান্ত একমাত্ৰ আৰু শেষ সিদ্ধান্ত নহয় বুলি এক সূত্ৰে জানিব পৰা গৈছে।

এতিয়াও দূৰ্গা পূজালৈ যিহেতু প্ৰায়খিনি সময় হাতত আছে। হয়তো তেঁওলোকে গ্ৰহণ কৰা সিদ্ধান্ত সলনি হোৱাৰ সম্ভাৱনা নথকা নহয়। এইক্ষেত্ৰত সংশ্লিষ্ট বিষয়ববীয়াসকলে আলোচনা কৰাৰ কথাও জানিব পৰা গৈছে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে দেৱী দূৰ্গাৰ প্ৰতিমা নিৰ্মাণৰ বাবে ৪টা প্ৰধান উপাদান হৈছে- গঙ্গা নদীৰ পৰা অনা বোকা, গোবৰ, গৰুৰ প্ৰস্ৰাৱ আৰু পতিতাসকলৰ বাসস্থান সোণাগাছিৰ মাটি। এই চাৰিটা উপাদনক পবিত্ৰ বুলি ইতিপূৰ্বৰ পৰাই গন্য কৰি অহা হৈছে। তাৰোপৰি সোণাগাছিৰ মাটিক শক্তিৰ প্ৰতীক হিচাপে গণ্য কৰি অহা হৈছে।