ৰাষ্ট্ৰীয়

ছোনিয়া গান্ধীয়ে ৰাজস্থানৰ পৰা ৰাজ্যসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ সম্ভাৱণা

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৰাজ্যসভা নিৰ্বাচন সন্দৰ্ভত সকলো দলে প্ৰাৰ্থীৰ নাম ঘোষণা কৰি আছে। সূত্ৰ অনুসৰি, ছোনিয়া গান্ধীয়ে ৰাজস্থানৰ পৰা ৰাজ্যসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব পাৰে। ছোনিয়া গান্ধী বৰ্তমান উত্তৰ প্ৰদেশৰ ৰায়বৰেলীৰ সাংসদ।

সূত্ৰ অনুসৰি, কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে ছোনিয়া গান্ধীৰ আসনৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব পাৰে। উল্লেখ্য যে, ৰাজস্থানৰ ৩খন আসনত ৰাজ্যসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। বিজেপিয়ে ২ খন আসন পোৱাৰ সম্ভাৱনা আছে আৰু কংগ্ৰেছে এখন আসন লাভ কৰাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে, অনুষ্ঠিত হবলগীয়া ৰাজ্যসভাৰ নিৰ্বাচনত কংগ্ৰেছে ১০ খন আসন হোৱাৰ সম্ভাৱণা আছে। কেইবাখনো ৰাজ্যত ৫৬ খন আসনৰ বাবে ২৭ ফেব্ৰুৱাৰীত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু উক্ত দিনটোতেই ফলাফলো ঘোষণা কৰা হ'ব।