শ্ৰীলংকাই মুকলি কৰি দিলে ১৫ গৰাকী মাছমৰীয়াক... 
ৰাষ্ট্ৰীয়

শ্ৰীলংকাই মুকলি কৰি দিলে ১৫ গৰাকী মাছমৰীয়াক...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ শ্ৰীলংকাৰ জেলত বন্দী হৈ থকা ভাৰতৰ ১৫ গৰাকীকৈ মাছমৰীয়াক মুকলি কৰি দিয়া হৈছে। মঙ্গলবাৰে পুৱা তেওঁলোক শ্ৰীলংকাৰ পৰা আহি চেন্নাইৰ বিমান বন্দৰত উপস্থিত হয়হি।

বিমান বন্দৰত তেওঁলোকক ভাৰতীয় জনতা পাৰ্টীৰ সদস্যসকলে স্বাগতম জনায়। ইয়াৰ পাছতে আটাইকেইজন মাছমৰীয়াই পথেৰে ৰামেশ্বৰমলৈ ৰাওনা হৈছে।

উল্লেখ্য যে, যোৱা ১৪ নৱেম্বৰত সাগৰত মাছ মাৰিবলৈ যোৱা ১৫ গৰাকী মাছমৰীয়া শ্ৰীলংকাৰ নৌসেনাৰ হাতত গ্ৰেপ্তাৰ হৈছিল। তেওঁলোকে দুখন যান্ত্ৰিক নাৱত মাছ মাৰিবলৈ গৈ শ্ৰীলংকাৰ নিয়ন্ত্ৰণাধীন সাগৰ অঞ্চলত প্ৰৱেশ কৰে।

ইয়াৰ পাছতে তেওঁলোকক আটক কৰা হৈছিল। অৱশেষত ভাৰত চৰকাৰৰ পৃষ্ঠপোষকতাত তেওঁলোকক পুনৰ ঘূৰাই আনিবলৈ সক্ষম হৈছে।

উল্লেখ্য, ইয়াৰ পূৰ্বে তামিলনাডুৰ ৰামেশ্বৰমৰ আন ২২ গৰাকী মাছমৰীয়াক শ্ৰীলংকান নেভীয়ে আটক কৰিছিল। তেওঁলোককো নাৱৰ জৰিয়তে পামবামত মুকলি কৰি দিয়া হৈছে।

১৮ নৱেম্বৰমত মাছমৰীয়াসকলৰ এখন বৈঠকত উপস্থিত হৈ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই মাছমৰীয়াসকলক মুকলি কৰি দিয়াৰ বাবে অনুৰোধ জনাইছিল। তাৰোপৰি তেওঁ বৈদেশিক সচীব আৰু শ্ৰীলংকাস্থিত ভাৰতীয় উচ্চায়ুক্তৰ সৈতে এই মাছমৰীয়াসকলক উদ্ধাৰৰ বাবে সকলো প্ৰচেষ্টা চলাবলৈ আহ্বান জনাইছিল। এনে প্ৰচেষ্টাৰ পাছতে তেওঁলোক ভাৰতলৈ ঘূৰি আহিবলৈ সক্ষম হয়।