ৰাষ্ট্ৰীয়

ৰাষ্ট্ৰ মোৰ বাবে সদায়েই প্ৰথম : 'ভাৰত ৰত্ন' লালকৃষ্ণ আদৱানীৰ অনুভৱ...

Asomiya Pratidin

ডিজিটেল ডেস্ক : ভাৰতীয় জনতা পাৰ্টীৰ পিতামহসদৃশ তথা ভাৰতৰ প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী, প্ৰবীণ ৰাজনীতিক লাল কৃষ্ণ আদৱানী লৈ দেশৰ শ্ৰেষ্ঠ অসামৰিক সন্মান 'ভাৰত ৰত্ন'ৰে বিভূষিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শনিবাৰে সামাজিক মাধ্যমযোগে এই সিদ্ধান্তৰ কথা দেশবাসীক অৱগত কৰে।

এই খবৰ লাভ কৰি লাল কৃষ্ণ আদৱানী স্বাভাৱিকতে আনন্দিত হৈ পৰা পৰিলক্ষিত হৈছে। ভাৰত ৰত্ন সন্মানেৰে বিভূষিত হোৱাৰ পৰিপ্ৰেক্ষিত তেওঁ উৎফুল্লিত হৈ পৰে।

এই সন্দৰ্ভত তেওঁ অনুভৱ ব্যক্ত কৰি উল্লেখ কৰে যে, "অত্যন্ত নম্ৰতা আৰু কৃতজ্ঞতাৰে মই আজি মোক প্ৰদান কৰা 'ভাৰত ৰত্ন' গ্ৰহণ কৰিছো। এজন ব্যক্তি হিচাপে ই কেৱল মোৰ বাবে এক সন্মান নহয়, লগতে মই মোৰ সামৰ্থ্য অনুসৰি ওৰে জীৱন সেৱা কৰিবলৈ চেষ্টা কৰা আদৰ্শ আৰু নীতিৰ বাবেও এক সন্মান।

মই প্ৰায় ১৪বছৰ বয়সত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘত এগৰাকী সাধাৰণ স্বেচ্ছাসেৱক হিচাপে যোগদান কৰিছিলো। সেই তেতিয়াৰ পৰা মই কেতিয়াও সন্মান নাইবা কোনো পুৰস্কাৰ প্ৰাপ্তিৰ মানসেৰে কাম কৰা নাই। মই কেৱল নিস্বাৰ্থভাৱে ভাৰত মাতৃৰ সেৱক হিচাপে সেৱা আগবঢ়াই আহিছো।

সংঘৰ এটা বাণীয়ে মোক সদায়েই প্ৰভাৱিত কৰি আহিছিল। সেয়া হৈছে ৰাষ্ট্ৰ বাবে সমৰ্পিত জীৱন। মোৰ জীৱনটো কেৱল ৰাষ্ট্ৰৰ বাবে সমৰ্পিত কৰি আহিছো, কেতিয়াও ব্যক্তিগত লাভালাভক গুৰুত্ব দিয়া নাই।

আজি মই কৃতজ্ঞতাৰে দুজন ব্যক্তিক স্মৰণ কৰিছো। যাৰ সৈতে মই ঘনিষ্ঠভাৱে কাম কৰাৰ সৌভাগ্য লাভ কৰিছিলো। পণ্ডিত দীনদয়াল উপাধ্যায় আৰু ভাৰত ৰত্ন শ্ৰী অটল বিহাৰী বাজপেয়ী। মোৰ দলৰ লাখ লাখ কৰ্মী, স্বয়ংসেৱক সংঘ আৰু আন সতীৰ্থসকলৰ প্ৰতি মোৰ আন্তৰিক কৃতজ্ঞতা, যাৰ সৈতে মই ৰাজহুৱা জীৱনৰ সমগ্ৰ সময়চোৱাত সাহস হিচাপে থিয় হৈছিল।

মই মোৰ পৰিয়ালৰ প্ৰতিজন সদস্য, বিশেষকৈ মোৰ মৰমৰ প্ৰয়াত পত্নী কমলাৰ প্ৰতি মোৰ গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰিছো। তেওঁলোক মোৰ জীৱনৰ শক্তি আৰু স্থিৰতাৰ আটাইতকৈ ডাঙৰ উৎস। মোক এই সন্মান প্ৰদান কৰাৰ বাবে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানী আৰু প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো।

আমাৰ মহান দেশখন আৰু অধিক গৌৰৱ আৰু বিজয় প্ৰাপ্তিৰে শিখৰলৈ আগবাঢ়ি যাওঁক। জয় হিন্দ!"

বৰ্ষীয়ান ৰাজনীতকগৰাকীৰ দৰে আজি প্ৰতিজন ভাৰতীয় গৌৰৱান্বিত। ৰাজনীতিৰ ঊৰ্দ্ধতো থাকে মহানতা, প্ৰমূল্যবোধ, মানৱতাৰ দৃষ্টিকোণ। সকলো সময়তে সকলোৰে ব্যক্তিত্বক ৰাজনৈতিক দৃষ্টিভংগীৰে চোৱাতকৈ কাৰোবাৰ বিশাল ব্যক্তিত্বইয়ো কৈ যায় বহু কথা। যি ব্যক্তিত্বত থাকে দেশৰ কথা-দহৰ কথা...