মধ্যপ্ৰাচ্যৰ যুদ্ধই কন্দুৱাইছে শ্বেয়াৰ বজাৰৰ বিনিয়োগকাৰীক.... 
ৰাষ্ট্ৰীয়

মধ্যপ্ৰাচ্যৰ যুদ্ধই কন্দুৱাইছে শ্বেয়াৰ বজাৰৰ বিনিয়োগকাৰীক....

মূৰে কপালে হাত দিবলৈ বাধ্য হৈছে বিনিয়োগকাৰী

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে ভাৰতীয় শ্বেয়াৰ বজাৰত হাহাকাৰ অৱস্থাৰ সূচনা হয়। শ্বেয়াৰৰ হোৰাহোৰে পতনে বিনিয়োগকাৰীসকলক মূৰে কপালে হাত দিবলৈ বাধ্য কৰালে।

দিনান্তত ছেনছেক্স আৰু নিফটি ২ শতাংশৰো অধিক হ্ৰাস পালে। ব'ম্বে ষ্টক এক্সেঞ্জৰ সকলো ইণ্ডেক্স পতনৰ জৰিয়তে বন্ধ হৈছে। সৰ্বাধিক শ্বেয়াৰ পতন হয় ৰিয়েলিটি, অ'টো, ইনফ্ৰা, ইণ্ডেক্সত।

তাৰ বিপৰীতে তেল, এনাৰ্জী, পি এছ ই আদিৰ শ্বেয়াৰ হ্ৰাস পাইছে যদিও সেয়া স্বাভাৱিক। আজি নিফটিত সৰ্বাধিক লোকচানৰ সন্মুখীন হয় এছিয়ান পেইণ্টছ, এল এণ্ড টি, টাটা মটৰ্ছ, মাৰুটি ছুজুকী, এক্সিছ বেংক।  শ্বেয়াৰ বজাৰৰ এনে দুৰৱস্থাৰ বাবে মূলতঃ মধ্যপ্ৰাচ্যৰ যুদ্ধ আৰু F&O ৰ নতুন নিয়ম।

উল্লেখ্য যে, ইৰাণ আৰু ইজৰাইলৰ মাজত হোৱা যুদ্ধক কেন্দ্ৰ কৰি সমগ্ৰ বিশ্বতে প্ৰভাৱ পৰিছে। ইজৰাইলে একেৰাহে কেইবাখনো মুছলমান প্ৰধান ৰাষ্ট্ৰতে আক্ৰমণ কৰি আছে।

ইজৰাইলকো ইছলামিক সন্ত্ৰাসবাদীৰ পৃষ্ঠপোষক দেশসমূহে প্ৰত্যাক্ৰমণ অব্যাহত ৰাখিছে। ইজৰাইলৰ আক্ৰমণৰ সন্মুখীন হৈছে লেবাননৰ হিজবুল্লাহ, গাজাত হামাছ, য়েমনত হুটিৰ লগতে ছিৰিয়া আৰু ইৰাণ।

মঙ্গলবাৰে ইৰাণ আৰু ইজৰাইলৰ যুদ্ধ আৰম্ভ হোৱাৰ সময়তে ভাৰতীয় শ্বেয়াৰ মাৰ্কেটত ইয়াৰ প্ৰভাৱ পৰিছিল। আমেৰিকাৰ শ্বেয়াৰ বজাৰত শ্বেয়াৰ হোৰাহোৰে পতন হৈছিল।

২ অক্টোবৰত গান্ধী জয়ন্তী হোৱা উপলক্ষে ভাৰতীয় শ্বেয়াৰ বজাৰ বন্ধ আছিল। আজি বজাৰ আৰম্ভ হোৱাৰ পৰা কেৱল বিনিয়োগকাৰীসকলে কেৱল পতনহে দেখে। ইৰাণ আৰু ইজৰাইলৰ যুদ্ধৰ অৱসান নঘটিলে যে আগন্তক সময়ত শ্বেয়াৰ বজাৰত আৰু বৃহৎ অঘটন সংঘটিত হ'ব সেয়াও নিশ্চিত।

কিয়নো এই যুদ্ধই ক্ৰুড অইলৰ মূল্যত ব্যাপক হাৰত প্ৰভাৱ পেলাব। ভাৰতৰ ইজৰাইল আৰু ইৰাণ দুয়োখন দেশৰ সৈতেই ব্যৱসায়ীক সম্পৰ্ক আছে। ইজৰাইলৰে ভাৰতৰ টেকনলজীৰ ক্ষেত্ৰত বুজাবুজি আছে।

সেইদৰে ইৰাণৰ সৈতে আছে তেলৰ সম্পৰ্ক। ইৰাণ তৈল উৎপাদনৰ ক্ষেত্ৰত এক অন্যতম বৃহৎ শক্তি। ভাৰতে ইৰাণলৈ চাউল, চাহ, কফি আৰু চেনীৰ যোগান ধৰে। সেয়ে যদিহে এই যুদ্ধৰ অৱসান নঘটে বহু কেইটা ভাৰতীয় কোম্পানী বিপদত পৰাৰ সম্ভাৱনা আছে।

বিশেষকৈ আমদানি আৰু ৰপ্তানিৰ ক্ষেত্ৰখনৰে জড়িত কোম্পানীসমূহ। এনে পৰিপ্ৰেক্ষিতত শ্বেয়াৰ বজাৰত প্ৰভাৱ পৰিছে। এই অস্থিৰতাৰ বাবে যিসমূহ ক্ষেত্ৰত লোকচানৰ সম্ভাৱনা অধিক সেই ক্ষেত্ৰক এৰি বিনিয়োগকাৰীয়ে সোণতহে বিনিয়োগ কৰাৰ বাবে আগ্ৰহী হৈ পৰাও পৰিলক্ষিত হৈছে। সোণতেই বিনিয়োগ কৰাটো সকলোতকৈ সুৰক্ষিত বুলি অনুভৱ কৰিছে।

আনহাতে ছেবিয়ে ফিউচাৰ্ছ এণ্ড অপচনছ (F&O)ট্ৰেডিঙৰ ক্ষেত্ৰত কিছু নতুন নীতি, নিয়ম ঘোষণা কৰিছে। এই নিয়মৰ বাবেও শ্বেয়াৰ বজাৰত প্ৰভাৱ পৰিছে বুলি বিশেষজ্ঞসকলে দাবী কৰিছে।

মন কৰিবলগীয়া যে, ভাৰতীয় শ্বেয়াৰ বজাৰ এক দীঘলীয়া সময় ধৰি সুস্থিৰ হৈ আছিল। লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ কিছু সময়ক বাদি দি বাকী সকলো সময়তে শ্বেয়াৰ বজাৰত কোনো ডাঙৰ পৰিবৰ্তন হোৱা নাছিল। বিশেষজ্ঞৰ মতে ভাৰতীয় শ্বেয়াৰ বজাৰৰ এই মুহূৰ্তত ভেলুৱেছন বহু ওপৰত।

ইফালে বিদেশী বিনিয়োগকাৰীয়ে শেহতীয়াকৈ ভাৰতীয় বজাৰৰ পৰা বিনিয়োগ কৰা ধন উঠাই লৈ চীনৰ প্ৰতি ধাৱমান হৈছে। চীনৰ চৰকাৰে তেওঁলোকৰ ৰিয়েল ইষ্টেট ক্ষেত্ৰখনক অগ্ৰাধিকাৰ দিছে। সেয়ে চীনৰ ৰিয়েল ইষ্টেট ক্ষেত্ৰখনত এতিয়া লাভৰ আশা অধিক হৈ পৰিছে। কিন্তু মধ্যপ্ৰাচ্যৰ বৰ্তমানৰ পৰিস্থিতিয়ে চীনৰ শ্বেয়াৰ বজাৰতো প্ৰভাৱ পেলাইছে।

মধ্য প্ৰাচ্যৰ এই ভূ-ৰাজনৈতিক উত্তেজনাই সমগ্ৰ বিশ্বৰ শ্বেয়াৰ বজাৰেইননিম্নমুখী কৰি তুলিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ তিনিধা প্ৰধান ইণ্ডেক্স Dow Jones, Nasdaq Composite আৰু S&P 500 তো বিনিয়োগকাৰীৰ যথেষ্ট লোকচান হৈছে।